• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খালেদা জিয়াৰ চিকিৎসা কৰিবলৈ ঢাকাত উপস্থিত ব্ৰিটেইনৰ বিশেষজ্ঞ দল, সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ চিকিৎসালয় ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2025 11:16 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ চিকিৎসাৰ বাবে বুধবাৰে ব্ৰিটেইনৰ পৰা অহা চাৰিজনীয়া বিশেষজ্ঞ চিকিৎসা দল বাংলাদেশত উপস্থিত হয়।

ডাঃ ৰিচাৰ্ড বুয়েলৰ নেতৃত্বত গঠিত গোটটোৱে অৱতৰণ কৰাৰ পিছতে পোনে পোনে এভাৰকেয়াৰ হাস্পতাললৈ গৈ ৮০ বছৰীয়া বিএনপিৰ অধ্যক্ষগৰাকীৰ স্বাস্থ্যৰ বুজ লয় বুলি tbsnews.net য়ে প্ৰকাশ কৰিছে। বুয়েল লণ্ডনৰ কিংছ কলেজৰ ইনটেনচিভ কেয়াৰ মেডিচিনৰ অধ্যাপক।

Apply Now

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, ব্ৰিটেইনৰ চিকিৎসকসকলে তেওঁৰ চিকিৎসাৰ সৈতে জড়িত স্থানীয় চিকিৎসকৰ সৈতে প্ৰাৰম্ভিক আলোচনাত মিলিত হয়। ব্ৰিটেইনৰ চিকিৎসকসকলে বাংলাদেশী বিশেষজ্ঞসকলক উন্নত চিকিৎসা পৰিকল্পনা চূড়ান্ত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

দিনটোৰ পিছত চীনা বিশেষজ্ঞৰ দ্বিতীয়টো দল অৱতৰণ কৰাৰ কথা। সোমবাৰে মেডিকেল ব’ৰ্ডত আন এটা চীনা গোট যোগদান কৰিছিল।

জিয়াৰ ব্যক্তিগত চিকিৎসক তথা বিএনপিৰ স্থায়ী সমিতিৰ সদস্য ডাঃ এজেডএম জাহিদে মঙলবাৰে সাংবাদিকৰ আগত কয় যে তেওঁৰ সংকটজনক অৱস্থাৰ মাজতো তেওঁ “চিকিৎসা কৰি থকা হৈছে”। তেওঁ পুনৰ কয় যে বৰ্তমান খালেদাক বহিঃৰাজ্যলৈ লৈ যোৱাৰ কোনো পৰিসৰ নাই। ভাৰত, চীন, আমেৰিকা, কাটাৰ, চৌদি আৰব আৰু পাকিস্তানেও চিকিৎসা সাহায্য আগবঢ়াইছে বুলি অন্তৱৰ্তীকালীন চৰকাৰে জানিবলৈ দিছে।

জিয়াক ২৩ নৱেম্বৰত এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য‘ত তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁত আক্ৰান্ত হোৱা সংক্ৰমণ ধৰা পৰিছিল। চাৰিদিন পিছত অৱস্থা বেয়া হোৱাত তেওঁক ক’ৰ’নাৰী কেয়াৰ ইউনিটলৈ স্থানান্তৰ কৰা হয়। দেওবাৰে নিশা তেওঁক ভেন্টিলেচনত ৰখা হৈছিল।

সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁক “অতি অতি গুৰুত্বপূৰ্ণ ব্যক্তি” বুলি ঘোষণা কৰাৰ পিছত চিকিৎসালয়খনৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। সমগ্ৰ দেশজুৰি বিএনপিৰ ইউনিট আৰু সমৰ্থকসকলে তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

উল্লেখ্য যে বাংলাদেশৰ তিনিটা সশস্ত্ৰ সেৱাৰ মুৰব্বীসকলে মঙলবাৰে এভাৰকেয়াৰ হাস্পতালত অসুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। bdnews24.com ৰ বাতৰি অনুসৰি সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান, নৌসেনাৰ মুৰব্বী এডমিৰেল মহম্মদ নাজমুল হাছান আৰু বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বাল হাছান মাহমুদ খান নিশা প্ৰায় ৯ বজাত চিকিৎসালয়লৈ যায়।

সেৱাৰ মুৰব্বীসকলে জিয়াৰ পৰিয়ালৰ সদস্য আৰু চিকিৎসা দলৰ সৈতে কথা পাতি তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

সোমবাৰে নিশা বিএনপিৰ স্থায়ী সমিতিৰ সদস্য চালাহুদ্দিন আহমেদে কয় যে জিয়াৰ পুত্ৰ তথা বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে “শীঘ্ৰে বাংলাদেশলৈ উভতি আহিব”। তেওঁৰ এই মন্তব্য দলৰ স্থায়ী সমিতিৰ বৈঠকৰ পিছতে, য‘ত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়। ২০০৮ চনৰ পৰা লণ্ডনত থকা ৰহমান।

২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰতিবাদী আন্দোলনৰ পিছত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰখন উফৰাই দিয়াৰ পিছৰে পৰা বিএনপিৰ ৰাজনৈতিক প্ৰাধান্য বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd