• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাক উপত্যকা সন্দৰ্ভত ভাৰত চৰকাৰক বিশেষ দাবী আলফাৰ

আমি অসমৰ আৰু বিভাজন নিবিচাৰো, কাৰণ ই ৰাজ্যখনৰ উন্নয়ন বাধাগ্ৰস্ত কৰিব: অনুপ চেতিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 30, 2018 11:00 pm

2 min read

ulfa assam

যোৱা চহিদ দিৱসত কাকপথাৰ শিবিৰত পতাকা উত্তোলনৰ সময়ত। ছবি- চ’চিয়েল প’ষ্টৰ পৰা।

1k
VIEWS
Share on FacebookShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে বৰাক-ব্ৰহ্মপুত্ৰ দুফাল কৰিব খোজাৰ বিপৰীতে বাঙালী অধ্যুষিত উপত্যকাটোৰ বাবে ভাৰত চৰকাৰক বিশেষ আৰ্থিক সাহায্যৰ দাবী জনাইছে আলোচনাৰত আলফাই।

ভাৰত চৰকাৰৰ সৈতে চলিত শান্তি আলোচনাৰ মঙলবাৰে নতুন দিল্লীত হোৱা বৈঠকৰ পিছতে দাবী চনদত এই বিষয়টো থকা বুলি সদৰী কৰিছে আলফা নেতা অনুপ চেতিয়াই।

“আমাৰ দাবী চনদত বৰাকৰ উন্নয়নৰ বাবে বিশেষ আৰ্থিক সাহায্যৰ দাবীও আছে,” অসমত শেহতীয়াকৈ ধ্বনিত হোৱা ‘পৃথক বৰাক’ৰ দাবীক অগ্ৰাহ্য কৰি নতুন দিল্লীত সাংবাদিকৰ আগত এই মন্তব্য চেতিয়াৰ।

লগতে পঢ়ক– আলফাৰ তিনিওটা প্ৰধান দাবীতে প্ৰশ্নবোধক চিন আনিছে বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে

সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ (ACKHSA) প্ৰতিষ্ঠাপক সভাপতি, বৰাকৰ প্ৰভাৱশালী নেতা তথা অধিবক্তা প্ৰদীপ দত্ত ৰয়ে বিধেয়ক গৃহীত নহ’লে ‘পৃথক বৰাক’ৰ দাবীত সোচ্চাৰ হৈছে।

দত্ত ৰয়ৰ দাবী অগ্ৰাহ্য কৰি আলফা নেতাজনে লগতে কয়, “আমি অসমৰ আৰু বিভাজন নিবিচাৰো, কাৰণ ই ৰাজ্যখনৰ উন্নয়ন বাধাগ্ৰস্ত কৰিব।”

লগতে পঢ়ক– হিন্দু বাঙালীসকলে যুদ্ধংদেহী মনোভাব লৈছে, আমি সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ থকাটো বিচাৰো: অনুপ চেতিয়া

শান্তি আলোচনাৰ মঙলবাৰৰ বৈঠকত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰ, অসম চৰকাৰৰ প্ৰতিনিধি ৰাজ্যৰ আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য আৰু আলফাৰ অনুপ চেতিয়া, শশ চৌধুৰী, চিত্ৰবন হাজৰিকা আৰু ৰাজু বৰুৱাই অংশগ্ৰহণ কৰে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd