• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিবিৰত কুশলে আছে ভতিজাক মুন্না বৰুৱা, ফোনযোগে নিশ্চিত কৰিলে পৰেশ বৰুৱাই

আমাৰ ল’ৰাই যদি বিপ্লৱ নকৰে কোনে কৰিব? : পৰেশ বৰুৱা

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , November 18, 2018 7:22 pm

2 min read

munna barua Asom

মুন্না বৰুৱা। ছবি ফে’চবুকৰ।

1.7k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত পৰেশ বৰুৱাই নিজেই নিশ্চিত কৰিলে মুন্না বৰুৱা আলফা(স্বাঃ)লৈ যোৱাৰ কথা। বৰুৱাই আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগক ফোনযোগে এই কথা জানিবলৈ দিছে। আজি প্ৰৱাল নেওগে আমাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে।

“মোক পৰেশ বৰুৱাই পৰহি ফোন কৰিছিল। তেওঁ মোক কৈছিল ‘মুন্না মোৰ ওচৰ আহি পাইছে আৰু সি নিৰাপদে আছে’।” নেওগে আমাৰ সাংবাদিকৰ আগত কয়।

ইয়াৰ উপৰি পৰেশ বৰুৱাই মুন্নাৰ মাক (পৰেশ বৰুৱাৰ বৌৱেক)ক দুখ নকৰিবলৈ আহ্বান জনাব বুলিও প্ৰৱাল নেওগৰ আগত কোৱা বুলি তেওঁ আমাক জনায়।

“আমাৰ ল’ৰাই যদি বিপ্লৱ নকৰে কোনে কৰিব, সি যিহেতু স্বেচ্ছাই আহিছে তাক মই উভতি যাবলৈ নকওঁ”, প্ৰৱাল নেওগৰ সৈতে কথা হওঁতে পৰেশ বৰুৱাৰ বক্তব্য এয়া।

উল্লেখযোগ্য যে যোৱা ১৫ নৱেম্বৰত পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱাই আলফা (স্বাঃ)ত যোগদানৰ বাবে গুচি যোৱা বুলি জনাৰ পিছত মাকে কান্দি কান্দি পুতেকক উভতি আহিবলৈ কাতৰ আহ্বান জনাইছিল। তাৰ পাছতেই পৰেশ বৰুৱাই মুন্নাৰ মাকক উদ্দেশ্যি প্ৰৱাল নেওগক ফোনযোগে এইদৰে কয়।

অৱশ্যে প্ৰৱাল নেওগক ফোন কৰাৰ সময়লৈ মুন্নাক পৰেশ বৰুৱাই লগ পোৱা নাছিল বুলিও জনাইছিল।

ইপিনে মুন্নাৰ দেউতাক বিমল বৰুৱায়ো পুতেক আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আক্ষেপেৰ কয়, “সি যিহেতু নিজ ইচ্ছাই গৈছে, সি যি ভাল দেখে তাকেই কৰক। মই তাক উভতি আহিবলৈ নকওঁ।”

মুন্না বৰুৱাৰ মাক অসুস্থ; তিনিচুকীয়াৰ চিকিৎসালয়ত ভৰ্তি

আলফা (স্বাঃ)ত যোগদানৰ বাবে যোৱা পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱাৰ মাক কল্পনা বৰুৱা মাত্ৰাধিক শোকগ্ৰস্ততাৰ বাবে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে। তেওঁক তিনিচুকীয়াৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি পৰিয়ালৰ সূত্ৰই কয়। “পুত্ৰ শোকত বিগত তিনিদিন ধৰি কল্পনা বৰুৱাই কেৱল হিয়া ঢাকুৰি কান্দিছে।” এইদৰে কয় স্থানীয় এগৰাকী মহিলাই।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd