• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সিংঘম’ৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা; কিয় লক্ষ্য হৈ পৰিল ৰোহিত শ্বেট্টী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 9:48 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্দুকৰ গুলীৰ শব্দই জোকাৰি গ’ল মায়া নগৰী মুম্বাই। দুষ্কৃতিকাৰীৰ লক্ষ্য বলীউদৰ প্ৰসিদ্ধ পৰিচালক ৰোহিত শ্বেট্টী। শনিবাৰে (৩১ জানুৱাৰী) নিশাৰ ভাগত তেওঁৰ জুহুৰ ঘৰৰ সন্মুখত চাৰি-পাঁচ ৰাউণ্ড গুলীচালনা কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

এই ঘটনাৰ লগত কোন বা কি জড়িত? কিয় টাৰ্গেট কৰা হ’ল পৰিচালকগৰাকীৰ ঘৰ, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই খবৰ পোৱাৰ লগে লগে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু ফৰেনছিক শাখা ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলী ঘেৰাও কৰি ৰখা হৈছে। তাত কেইবাজনো আৰক্ষীক মোতায়েন কৰা হৈছে। ৰোহিতৰ ঘৰত নিৰাপত্তাও বৃদ্ধি কৰা হৈছে।

Apply Now

সূত্ৰ অনুসৰি, শনিবাৰে পুৱতি নিশা ৰোহিতৰ জুহুৰ ঘৰৰ বাহিৰত ৪-৫ টা বন্দুকৰ গুলীৰ শব্দ শুনা যায়। শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে তালৈ দৌৰি যায়। মুম্বাই আৰক্ষী আয়ুক্ত দেৱেন্দ্ৰ ভাৰতীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তেওঁৰ ভাষাত ‘ৰোহিত শ্বেট্টীৰ অট্টালিকাত গুলীচালনা কৰিছে দুস্কৃতিকাৰীয়ে। জ’নেল পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।’

এই ঘটনাৰ লগত কোন বা কি জড়িত সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে। বাসগৃহৰ চাৰিওফালৰ পৰা চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে। ঘটনাৰ সময়ত ৰোহিত ঘৰত আছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।

বলীউডৰ অন্যতম সফল পৰিচালক ৰোহিত শ্বেট্টী। বক্স অফিচত লাভ কৰা সফলতাৰ বাবে অনুৰাগীসকলেও তেওঁক ‘ৰোহিত’ উপনাম দিছে। গোলমাল (সকলো ছিকুৱেল), সিংঘম, দিলৱালে, চেন্নাই এক্সপ্ৰেছ আদি হিট ছবিৰ পৰিচালক। বিভিন্ন ৰিয়েলিটি শ্ব’তো তেওঁক বিচাৰক হিচাপে দেখা গৈছে। ফলত ব্যক্তিগতভাৱে ৰোহিত শ্বেট্টীৰ ব্ৰেণ্ড মূল্য অতি উচ্চ।

আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ আঁৰৰ উদ্দেশ্যক লৈ এতিয়াও বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ৰোহিত বা তেওঁৰ পৰিয়ালে এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।

দেওবাৰে তেওঁৰ ঘৰৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। সামগ্ৰিকভাৱে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। যোৱা কেইমাহমানৰ ভিতৰত কেইবাজনো চেলিব্ৰিটিক দুষ্কৃতিকাৰীয়ে লক্ষ্য কৰি লৈছে। ২০২৪ চনত ছলমান খানৰ ঘৰৰ সন্মুখত গুলীচালনা সংঘটিত হৈছিল। কমেডিয়ান কপিল শৰ্মাৰ কানাডা কেফেৰ বাহিৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়।

যোৱা বছৰৰ আগষ্ট মাহত গুৰুগ্ৰামত থকা ‘বিগ বছ অ’টিটি’ বিজয়ী এলভিছ যাদৱৰ ঘৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰা হৈছিল। কিয় বাৰে বাৰে চেলিব্ৰিটিসকল দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে? সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি এনেধৰণৰ ঘটনাই মুম্বাইৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd