উন্নাও ধৰ্ষণ কাণ্ডৰ মূল দোষী তথা বহিষ্কৃত বিজেপি বিধায়ক কুলদীপ সিং সেংগাৰক জামিন প্ৰদানৰ বিৰুদ্ধে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিভিন্ন মহিলা সমাজকৰ্মী আৰু অধিকাৰ কৰ্মীয়ে ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে ৰাজপথত বহি প্ৰতিবাদ কৰে।
প্ৰতিবাদকাৰীসকলে হাতত পোষ্টাৰ লৈ আদালতৰ জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে শ্লোগান দিয়ে। আৰক্ষীয়ে তেওঁলোকক আদালতৰ প্ৰৱেশদ্বাৰত বাধা নিদিবলৈ অনুৰোধ জনায় যদিও প্ৰতিবাদকাৰীসকলে সেয়া অমান্য কৰাত আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া বুলিও অভিযোগ উঠিছে।
প্ৰভাৱশালী প্ৰাক্তন বিজেপি নেতাগৰাকীৰ জামিনৰ বাতৰি পোৱাৰ পিছতে নিৰ্যাতিতা আৰু তেওঁৰ মাতৃয়ে তীব্ৰ হতাশা আৰু নিৰাপত্তাহীনতা প্ৰকাশ কৰিছে। সংবাদ সংস্থাৰ সৈতে হোৱা কথা-বতৰাত নিৰ্যাতিতাৰ মাতৃয়ে কয়, “আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰিছো। আমাৰ উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা হেৰাই গৈছে। আমি এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম। যদি তাতো ন্যায় নাপাওঁ, তেন্তে আমি দেশ ত্যাগ কৰিম। যিজন ব্যক্তিয়ে মোৰ স্বামীক হত্যা কৰিছে, মই তেওঁৰ ফাঁচী বিচাৰো।”
পৰিয়ালটোৰ আশংকা যে আদালতৰ কঠোৰ নিৰ্দেশনা থকা সত্ত্বেও সেংগাৰে আনৰ জৰিয়তে তেওঁলোকৰ ক্ষতি কৰিব পাৰে বা সাক্ষী নষ্ট কৰিব পাৰে।
প্ৰতিবাদকাৰীসকলৰ মাজৰ এগৰাকী অন্যতম নেত্ৰী তথা নাৰী অধিকাৰ কৰ্মী যোগিতা ভায়ানাই কয় যে এই নিৰ্দেশে সমগ্ৰ দেশৰ ছোৱালী আৰু মহিলাসকলৰ মনত আইন-বিচাৰ ব্যৱস্থাৰ প্ৰতি এক বিৰূপ ধাৰণাৰ সৃষ্টি কৰিছে। এজন ধৰ্ষণকাৰীৰ শাস্তি কেনেকৈ বাতিল হ’ব পাৰে, সেই লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।
আন এগৰাকী প্ৰতিবাদকাৰীয়ে প্ৰশ্ন কৰে যে যেতিয়া এখন আদালতে এজন ব্যক্তিক ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড দিছে, তেন্তে কিহৰ ভিত্তিত তেওঁক মুক্ত কৰি দিয়া হ’ল? তেওঁলোকৰ স্পষ্ট দাবী— ধৰ্ষণকাৰীক পুনৰ জেললৈ পঠিয়াব লাগে যাতে দেশৰ মহিলাসকলে সুৰক্ষিত অনুভৱ কৰে।




