• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰিয়ংকা দেউৰীৰ মৃত্যু : অভিযুক্ত চিকিৎসক শুভাশীষ মুখাৰ্জীৰ শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

সংশ্লিষ্ট নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী স্থানীয় দল সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2020 5:33 pm
index.jpg55

মৃত প্ৰিয়ংকা আৰু অভিযুক্ত চিকিৎসকগৰাকী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ঘটা প্ৰিয়ংকা দেউৰী আৰু তেওঁৰ পৰিয়ালৰ সৈতে থিয় দিছে বিভিন্ন দল সংগঠনে।

ইতিমধ্যে মৃত প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্ত আৰু অভিযুক্ত চিকিৎসক মুখাৰ্জীৰ শাস্তিৰ দাবীৰে ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনক ৰক্ষণা বেক্ষণ দিয়াৰহে অভিযোগহে উত্থাপন হৈছে।

Apply Now

পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে আৰক্ষীয়ে গোপন বুজাবুজিৰে ভাৰতীয় দণ্ডবিধি আইনৰ তৰল ধাৰাত গোচৰ ৰুজুৰ কৰি ইতিমধ্যে অভিযুক্ত চিকিৎসকজনক জামিনৰ ব্যৱস্থা কৰি দিছে।

এই কথাত ক্ষুদ্ধ হৈ উঠিছে স্থানীয় তথা প্ৰিয়ংকা দেউৰীয়ে প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠন।

এই সন্দৰ্ভত ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিগবৈৰ আঞ্চলিক সমিতিয়ে অভিযুক্ত চিকিৎসক ডাঃ শুভাশীষ মুখাৰ্জীৰ লগতে এম আৰ আগৰৱালা ডাইগ্ন’ষ্টিকৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই আনকি অভিযোগ কৰি কৈছে যে ‘নাৰ্ছিংহোমখনৰ স্বত্ত্বাধিকাৰী গৰাকী বিজেপি কৰ্মী’ হোৱাৰ বাবেই আৰক্ষী প্ৰশাসনে ৰহস্যজনক অৱস্থান গ্ৰহণ কৰিছে।

ইফালে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিগবৈৰ আঞ্চলিক সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্তলৈ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই এক দাবী পত্ৰ প্ৰেৰণ কৰিছে।

সংগঠনটোৱে ‘তৎকালে চিকিৎসকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে সংশ্লিষ্ট নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিল’ৰ দাবী জনাইছে।

বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তদ্ৰূপ দাবী কৰি মহকুমাধিপতিলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে তিনিচুকীয়া দেউৰী ছাত্ৰ সন্থাই প্ৰয়াত প্ৰিয়ংকা দেউৰীৰ পৰিয়ালৰ সৈতে আজি আলোচনাত মিলিত হৈছে আৰু সন্দৰ্ভত কাইলৈ আৰক্ষী থানাত উপস্থিত হৈ বিহিত ব্যৱস্থা ল’বলৈ দাবী জনোৱাৰ কথা।

আনহাতে দেউৰী সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক কিৰণবন দেউৰীয়ে ভুক্তভোগী পৰিয়ালটোক নাৰ্ছিংহোমৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ লগতে অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

সদৌ দেউৰী ছাত্ৰ সন্থায়ো ক্ষতিপূৰণৰ দাবী জনাইছে।

উল্লেখ্য যে, যোৱা ১৬ মে’ত ডিগবৈৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক শুভাশীষ মুৰ্খাজীয়ে প্ৰিয়ংকা দেউৰী নামৰ বৰডুমচাৰ ৰোগী গৰাকীক ডিগবৈস্থিত এম আৰ আগৰাৱালা ডায়’গ্নষ্টিক নাৰ্ছিংহোমত ভৰ্তি কৰোৱাই নিজে অস্ত্ৰোপচাৰ সম্পন্ন কৰা পিছতেই ৰোগী গৰাকীৰ মৃত্যু ঘটে।

পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনৰ মতে ডাঃ শুভাশীষ মুখাৰ্জীয়ে ধনৰ লালসাতে ৰোগী প্ৰিয়ংকা দেউৰীক উন্নত চিকিৎসাৰ বাবে ৰেফাৰ নকৰি আন্তঃগাঁঠনিৰ অনুপলব্ধ এখন নাৰ্ছিংহোমত নিজেই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।

তৈল নগৰী ডিগবৈস্থিত এম আৰ আগৰৱালা নাৰ্ছিংহোমত অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাকৈ আন্তঃগাঁঠনি নাই বুলি স্থানীয় লোকে দীৰ্ঘ দিনৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছে।

লগতে পঢ়ক : ন্যায় লাভৰ অপেক্ষাত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা প্ৰিয়ংকাৰ পৰিয়াল

আনহাতে এগৰাকী প্ৰসূতি চিকিৎসকে কেনেকৈ বিশেষজ্ঞ শল্যচিকিৎসকৰ দৰে এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে সেই সন্দৰ্ভতো প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ আনিছে যে ৰোগী গৰাকীৰ শৰীৰত মাত্ৰ ৫ শতাংশ হিমগ্ল’বিন থকাৰ পিছতো চিকিৎসক মুখাৰ্জীয়ে অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিম বুলি দাবী কৰিছিল। এটা ভিডিঅ’ ফুটেজত ডাঃ মুখাৰ্জীয়ে এই কথা স্বীকাৰো কৰা দেখা গৈছে।

ইতিমধ্যে পৰিয়ালৰ লোকে চিকিৎসক ডাঃ শুভাশীষ মুখাৰ্জীৰ ভুল চিকিৎসাৰ বাবেই ৰোগী প্ৰিয়ংকা দেউৰীৰ মৃত্যু ঘটা বুলি দাবী কৰাৰ লগতে অভিযুক্ত চিকিৎসগকাৰীক শাস্তিৰ দাবী উত্থাপন কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে।

স্থানীয় দল সংগঠনবোৰে ভুক্তভোগী পৰিয়ালটোৰ ন্যায় প্ৰদানৰ বাবে উত্থাপন কৰাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd