• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাওঁৰক্ষী সংগঠনৰ বিদ্ৰোহ : অগপ দলৰ বিৰুদ্ধে সংগঠনক ৰাজনীতিকৰণ কৰাৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 2, 2020 9:13 am
IMG-20201202-WA0003~2

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত সমষ্টিৰ মহকুমাৰ গাঁওৰক্ষী সংগঠনক নিজৰ অধীনলৈ অনাৰ বাবে চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে অতুল বৰাৰ নেতৃত্বাধীন অসম গণ পৰিষদ দলৰ বিৰুদ্ধে ৷ দলটোৰ ভাস্কৰ কালিন্দী নামৰ এজন নেতাক গাঁও ৰক্ষী সংগঠনটোৰ থানা সমিতিৰ সভাপতি পদত নিযুক্তি দিয়াক লৈ আৰম্ভ হৈছে এক বিতৰ্কৰ ৷

অসম গণ পৰিষদ দলৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আগন্তুক নিৰ্বাচনত গাঁওৰক্ষী সংগঠনক ব্যৱহাৰৰ এইয়া এক প্ৰচেষ্টা বুলি  অভিযোগ উত্থাপিত হৈছে ৷

Apply Now

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ বিশেষ নিৰ্দেশনাত বোকাখাত আৰক্ষী থানাৰ গাওঁৰক্ষী সংগঠনৰ থানা সমিতিৰ সভাপতি পদত নতুনকৈ নিযুক্তি দিয়া হৈছে দলটোৰ নেতা ভাস্কৰ কালিন্দীক ৷

ভাস্কৰ কালিন্দীৰ নিযুক্তিক মানি ল’ব বিচৰা নাই বোকাখাত মহকুমাৰ ৮০ খন গাঁৱৰ গাওঁৰক্ষী সংগঠনৰ সদস্য আৰু বিষয়ববীয়াই।

ভাস্কৰ কালিন্দীৰ নিযুক্তি সংগঠনৰ গৰিষ্ঠ সংখ্যক সদস্য আৰু বিষয়াৰ অজ্ঞাতে অ-সাংবিধানিক প্ৰক্ৰিয়াৰে কেৱল ৰাজনৈতিক উদ্দেশ্যৰে কৰা বুলি গাওঁৰক্ষী সংগঠনটোৰ কৰ্মকৰ্তাই অভিযোগ তুলিছে ৷

তেওঁলোকৰ মতে এটা অৰাজনৈতিক স্বেচ্ছাসেৱী সংগঠন হিচাপে প্ৰতিষ্ঠা কালৰে  পৰাই গাওঁৰক্ষী সংগঠনত ৰাজনৈতিক দলৰ কোনো পদাধিকাৰক সংগঠনৰ সদস্য পদ অথবা বিষয়বাব প্ৰদান কৰাৰ নজিৰ নাই।

তেনেস্থলত কৃষিমন্ত্ৰী অতুল বৰাৰ অসম গণ পৰিষদ দলৰ চাহ কোষৰ সাধাৰণ সম্পাদক  তথা মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ ভাস্কৰ কালিন্দীক গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা সমিতিৰ সভাপতি পদত অধিস্থিত কৰাক লৈ এতিয়া বোকাখাতত বিদ্ৰোহ আৰম্ভ হৈছে গাওঁৰক্ষী সংগঠনটোত ৷

উল্লেখ্য যে গাওঁৰক্ষী সংগঠনৰ সভাপতি পদৰ কাৰ্যকাল পাঁচ বছৰ যদিও মাত্ৰ চাৰে তিনি বছৰ কাৰ্য্যকালতেই বোকাখাত থানা সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল বৰাক সম্পুৰ্ণ অসংবিধানিকভাৱে অপসাৰণ কৰা বুলি নিজেই অভিযোগ উত্থাপিত কৰিছে মৃদুল বৰাই ৷

ঘটনাৰ প্ৰতিবাদত যোৱা ২৯ নৱেম্বৰত বোকাখাত থানা চৌহদত থকা গাঁওৰক্ষী সংগঠনৰ কাৰ্যালয়ত কোষেশ্বৰ বৰাৰ সভাপতিত্বত বোকাখাত মহকুমাৰ ৮০ খন গাঁওৰক্ষী সংগঠনৰ প্ৰতিনিধিৰ এক সভা অনুষ্ঠিত  অনুষ্ঠিত হয়।

এই সভাত বোকাখাতৰ গাঁওৰক্ষী সংগঠনক জীপাল কৰি গঢ়ি তোলা সভাপতি মৃদুল বৰাক অপসাৰণ কৰা কাৰ্যক তীব্র নিন্দা কৰি ৰাজনৈতিক নেতাক সংগঠনৰ দায়িত্ব নিদি ৫ বছৰীয়া কাৰ্যকাল সম্পূর্ণ নোহোৱালৈকে জনপ্রিয় মৃদুল বৰাকে সভাপতি পদত বাহাল ৰাখিবলৈ দাবী জনোৱা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd