• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ ৰাজ্যপালৰ বিস্ফোৰক মন্তব্য— আম্বানী, আৰএছএছৰ ফাইল অনুমোদনৰ বাবে ৩০০ কোটি টকা যাঁচিছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2021 2:56 pm
553
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে কৰা এক বিশেষ মন্তব্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

ৰাজ্যপাল মালিকে শেহতীয়াকৈ এই বুলি কৈছে যে আম্বানী আৰু আৰএছএছে ফাইল পাছ কৰাৰ বাবে তেওঁক ৩০০ কোটি টকাৰ উপঢৌকন যাঁচিছিল।

কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়তে আম্বানী আৰু আৰএছএছৰ এজন বৰমূৰীয়াৰ দুটা ফাইলত  অনুমোদন জনাবলৈ তেওঁক হেঁচা প্ৰদান কৰা হৈছিল।

ইয়াৰ বিনিময়ত ৰাজ্যপাল মালিকক তেওঁৰ সচিবৰ জৰিয়তে প্ৰতিটো ফাইলত ডেৰশ কোটিকৈ মুঠ তিনিশ কোটি টকা উৎকোচ হিচাবে দিব বিচৰা হৈছিল বুলি মালিকে মন্তব্য কৰে।

ৰাজস্থানৰ ঝুনঝুনুৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাজ্যপাল সত্যপাল মালিকে এই বিস্ফোৰণ ঘটায়।

তেওঁ কয় যে আম্বানী আৰু আৰএছএছৰ পৰা পোৱা এনে টোপ তেওঁ পোনচাটেই প্ৰত্যাখান কৰিছিল আৰু সচিবক কৈছিল যে কাশ্মীৰলৈ তেওঁ পাঁচযোৰ কুৰ্তা-পায়জামা লৈ আহিছিল আৰু সেই খিনি লৈয়েই তেওঁ কাশ্মীৰৰ পৰা বিদায়ো ল’ব বিচাৰে।

ৰাজ্যপাল মালিকে লগতে কয় যে পাছ কৰিবলৈ উপঢৌকন যঁচা ফাইল দুটাৰ এটা ফাইল আছিল মেহবুবা মুফটিৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিৰ। তেওঁ আম্বানীৰ মানুহ আছিল।

আনটো ফাইল আছিল আৰএছএছৰ এজন বৰমূৰীয়াৰ, যাৰ সৈতে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠতা আছিল।

জনসভাতে ৰাজ্যপাল সত্যপাল মালিকে লগতে এই বুলিও উল্লেখ কৰে যে তেওঁ এজন দুখীয়া মানুহ।

সেয়াই তেওঁৰ শক্তি। সেই শক্তিৰেই তেওঁ ডাঙৰ ডাঙৰ মানুহৰ বিৰুদ্ধে যুঁজ চলাই যাব পাৰিব বুলি বিঞ্বাসী। কোনো অন্যায়কে জীৱনত কোনো দিনে প্ৰশ্ৰয় দিয়া নাই বুলিও মালিকে উল্লেখ কৰে।

উল্লেখ্য ৰাজ্যপাল মালিকৰ কাষলৈ অনুমোদনৰ বাবে অনা আম্বানীৰ ফাইলটো হয়তো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ স্বাস্থ্য বীমা সমপৰ্কীয় ফাইল আছিল।

আম্বানীৰ ৰিলায়েন্সৰ এই আঁচনিৰ এখন চুক্তি ৰাজ্যপালে ২০১৮ চনত বাতিল কৰিছিল। অৱশ্যে মালিকে তেওঁৰ ওচৰলৈ অনুমোদনৰ বাবে অনা ফাইল দুটা দৰাচলতে কি ফাইল আছিল সেই বিষয়ে বিশেষ কোনো কথা উল্লেখ নকৰিলে।

উল্লেখ্য অন্যায়ক প্ৰশ্ৰয় নিদিওঁ বুলি কৈ অহা ৰাজ্যপাল সত্যপাল মালিকে চৰকাৰী পদবী কৰ্তন হোৱাৰ ভয় থকাৰ পিছতো দিল্লীত কৃষি আইনৰ বিৰোধিতা কৰি আন্দোলন কৰি অহা কৃষকৰ পক্ষত থিয় হম বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল।

ফলত তেওঁ মোদী চৰকাৰৰ অপ্ৰিয় হৈ পৰিছিল।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd