• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৰ-সুৰ নাই, ক’ত হেৰাল দিচপুৰৰ বিধায়ক অতুল বৰা?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 9, 2019 10:11 pm
Atul-Bora-BJP-750x375

দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক অসমৰ দল সংগঠনে সমৰ্থন কৰিলেও তেওঁ অকলেই বিৰোধিতা কৰি যোৱাৰ হুংকাৰ দিয়া এজন বিজেপি বিধায়ক। বিধেয়কখন গৃহীত হ’লে আত্মহননৰ দৰে চৰম পন্থা ল’বলৈ কুন্ঠাবোধ নকৰে বুলিও তেওঁ সদম্ভে ঘোষণা কৰিছিল।

তেওঁ দিচপুৰ বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা। ‘জাতিধ্বংসী’ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছিল দিচপুৰৰ বিধায়কজনে। কিন্তু তেওঁৰ কথা নৰজিল। তেওঁৰ দলটোৱেই নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰালে।

Apply Now

বিধেয়ক লোকসভাত গৃহীত হোৱাৰ ২৪ ঘন্টা পাৰ হ’ল। কিন্তু এতিয়া কোনো প্ৰতিক্ৰিয়া নাই একালৰ জাতীয়তাবাদী মঞ্চৰ এজন বলিষ্ঠ নেতা অতুল বৰাৰ।

এতিয়া কি হ’ব দিচপুৰৰ বিধায়ক অতুল বৰাৰ স্থিতি?

তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে কেইবাবাৰো ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

পূৰ্বে তেওঁ বিধেয়কখনৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰও প্রেৰণ কৰিছিল। জাতিৰ স্বাৰ্থত ‘জাতীয় নায়ক’ক এই বিধেয়ক প্ৰত্যাখ্যান কৰিবলৈ তেওঁ কাতৰ অনুৰোধ জনাইছিল। কিন্তু তেওঁৰ সেই পত্ৰখনলৈ মুখ্য মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে।

‘আপুনি মূৰত জাতীয় মুকুট পৰিধান কৰি আছে। গতিকে কনৰাড চাংমাৰ দৰে আপুনিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি সঁচা অৰ্থতে যে জাতীয় নায়ক সেই কথা নিশ্চিত কৰক। মোক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নকৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাৰণ মই মন্ত্ৰী হোৱাহেঁতেনে অকলেই এই বিধেয়কখনৰ বিৰোধিতা কৰিবলগীয়া হ’লহেঁতেন’, এইদৰে তেওঁ মুখ্য মন্ত্ৰীলৈ পত্ৰখনত লিখিছিল।

পৰবৰ্তী সময়ত যোৱা ৩০ ডিচেম্বৰতো এখন সংবাদমেল পাতি বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈছিল বিধায়কজন। মুখ্য মন্ত্ৰীৰ স্থিতিক লৈও তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, দিচপুৰৰ বিধায়ক অতুল বৰাই পূৰ্বৰ অসম গণ পৰিষদৰ মন্ত্ৰী হৈ থকা সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰীৰ সৈতে হোৱা মতানৈক্যৰ বাবেই দল ত্যাগ কৰিছিল। অগপ এৰি তেওঁ তৃণমূল গণ পৰিষদ গঠন কৰিছিল। তৃণমূল গণ পৰিষদৰ পৰা তেওঁ ২০০১ আৰু ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত দিচপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছিল যদিও জয়ী হ’ব পৰা নাছিল।

পৰৱৰ্তী সময়ত পুনৰ অগপলৈ উভতি আহি ২০১১ চনত পুনৰ অগপৰ টিকটত দিচপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা বৰাই তৃতীয়বাৰলৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

২০১৩ চনত বিজেপিত যোগদান কৰা অতুল বৰাই ২০১৬ চনৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটত দিচপুৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ পক্ষত থাকি বিধায়ক বৰাই দলটোৰ লগতে মুখ্য মন্ত্ৰীক সৈমান কৰাবলৈ চেষ্টা চলালে যদিও তেওঁ সফল হ’ব নোৱাৰিলে। এতিয়া বিধায়কজনৰ স্থিতি কি হ’ব সেইয়া এক প্ৰশ্ন হিচাপে উত্থাপিত হৈছে।

ইপিনে, বিধায়কজনক পূৰ্বৰ স্থিতিত অটল থাকিবলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে।

‘’অতুল বৰাই বিজেপি দলৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান লৈছিল। তেওঁ জাতীয়তাবাদী শিবিৰৰ পৰাই গৈ বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিত আছে যদিও বিগত সময়ত বিধেয়কখনৰ বিৰোধিতা কৰি এক সাহসী পদক্ষেপ লৈছিল। গতিকে তেওঁ সেই স্থিতিতেই থকাটো আমি বিচাৰো,‘’-মেধিয়ে এইদৰে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি বিধায়কজনৰ পূৰ্বৰ দৰে এইবাৰো দলৰ লগত মতানৈক্য ঘটিছে। গতিকে প্ৰবীণ জাতীয়তাবাদী শিৱিৰৰ নেতাজনে এইক্ষেত্ৰত নিজৰ স্থিতিক আপোচ নকৰি বিজেপি ত্যাগ কৰিব পাৰে নেকি? নে তেওঁৱো সাংসদ বিজয়া চক্ৰৱৰ্তীৰ দৰে পূৰ্বৰ স্থিতি পৰিহাৰ কৰি দলৰ লগতেই সুৰ মিলাই থাকিব? এই প্ৰশ্নৰ উত্তৰ এতিয়া কি অতুল বৰাৰ?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd