গোৱালপাৰা আৰক্ষী থানাত নিয়োজিত এগৰাকী মহিলা আৰক্ষী কনিষ্টবল মীৰ হামিদা খাটুনে গোৱালপাৰাৰ বৰপথাৰ অঞ্চলৰ শতাধিক মহিলাৰ জীৱন যাত্ৰালৈ পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
পূৰ্বৰ ১নং আছাম পুলিচ টাস্ক ফ’ৰ্চৰ কৰ্মৰত বৰপেটা জিলাৰ মহিলা খাটুনক গোৱালপাৰা সদৰ আৰক্ষী থানালৈ নিযুক্তি দি পঠিওৱাৰ পাছত উক্ত অঞ্চলৰ তৃণমূল পৰ্যায়ৰ মহিলা আৰু শিশুসকলক তেওঁলোকৰ অধিকাৰ তথা কৰ্তব্য সম্পৰ্কে সজাগ কৰি তোলাৰ কামত তেওঁ আত্মনিয়োগ কৰি আহিছে।
‘’এই অঞ্চলৰ অধিকাংশ লোকেই অৰ্থনৈতিকভাৱে পাছপৰা আৰু তেওঁলোকৰ পত্নীসকল কম বেছি পৰিমানে বাল্য বিবাহৰ বলি। দৈনিক মজুৰি কৰা স্বামীয়ে তেওঁলোকৰ বিদ্যালয় এৰা সন্তানৰ সঠিক যতন ল’বলৈ অপাৰগ। সেইদৰে মই যেতিয়া প্ৰথম সিহঁতক দেখিছিলো, তেওঁলোকৰ প্ৰতি মই দায়বদ্ধ অনুভৱ কৰিছিলো,’’-খাটুনে এইদৰে ব্যাখ্যা আগবঢ়ায়।
তেওঁ নিজৰ আৰক্ষীৰ কৰ্তব্যৰ পৰা যিকন সময় আজৰি পায় সেই সময়খিনি মহিলাসকলৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে।
‘’তেওঁ সদায় আমাক লগ ধৰে আৰু আমাক ঘৰুৱা হিংসা, শিশু নিৰ্যাতন, বাল্য বিবাহ তথা সৰবৰাহৰ দৰে সমাজত আধুনিক মহিলাসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কয়। তেওঁৰ ভূমিকাই নাৰী যে কেৱল চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা এটা বিষয় নহয়, সেই সম্পৰ্কে আমাৰ মানসিকতা সলনি কৰি দিছে,’’-‘সেৱা’ নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে তাৰা বানু আৰু হালিমা খাটুনে একেলগে এইদৰে কয়।

‘’মোৰ সজাগতা অভিযানৰ সময়ত মি ‘সেৱা’ নামৰ বেচৰকাৰী সংস্থাটোক বিচাৰি পাইছিলো। এইটো ছ’চাইটি ৰেজিষ্ট্ৰেছন এক্ট ১৮৬০ৰ অধীনত পঞ্জীকৃত যদিও সক্ৰিয়ভাৱে কাম কৰি থকা নাছিল। মই সকলোকে ওলাই আহিবলৈ উৎসাহিত কৰিলো আৰু মহিলাসকলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে ইয়াক সুসংগঠিত কৰিলো,’’-খাটুনে কয়।
যোৱা দেওবাৰে বেচৰকাৰী সংস্থা ‘সেৱা’ই বৃহত্তৰ বৰপথাৰৰ মিলননগৰ শান্তিপুৰত এখন বিশাল সভাৰ আয়োজন কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰৰে প্ৰতিষ্ঠিত ব্যক্তিক আমন্ত্ৰণ কৰা হয়। আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি শিক্ষাবিদ তথা সমাজকৰ্মী সকলোৱে অতি উৎসাহেৰে সভাখনত অংশগ্ৰহণ কৰে।
কাৰ্যসূচীত উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, লায়নছ ক্লাৱৰ সভাপতি শৈলেন দাস, স্থানীয় বিধায়ক এ কে ৰছিদ আলম, ব্যৱসায়ী শ্বাহী কৰিম, ৰাষ্ট্ৰপতি পুৰষ্কাৰ প্ৰাপ্ত শিক্ষক প্ৰহৰী দাস, চাইল্ডলাইন কৰ্মী মীৰ নজৰুল ইছলাম আৰু জুভেনাইল জাষ্টিছ ব’ৰ্ডৰ সদস্য ছফিকুল আহমেদ উপস্থিত থাকি মহিলা আৰু শিশু সুৰক্ষাৰ বিভিন্ন দিশত বক্তব্য ৰাখি এই প্ৰচেষ্টাৰ শলাগ লয়।
বেচৰকাৰী সংস্থাটোৱে গ্ৰহণ পদক্ষেপৰ বাবে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে তেওঁলোকক প্ৰশংসা কৰিছে।