যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নিৰ্য্যাতন কৰা ঘটনাত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে গাওঁখনৰ ১৯গৰাকীকৈ লোকক।
তাৎপৰ্য্যপূৰ্ণভাৱে আটকাধীন ১৬গৰাকীয়েই মহিলা।
অসম-মিজোৰাম সীমান্তৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত মহিলাগৰাকীয়ে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কৰা অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৪৮, ৩৫৪বি আৰু ৩৯২ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন হৈছিল।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে লোকসকলক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে। ‘কিন্তু তদন্তৰ পিছতহে কিহৰ বাবে ঘটনাটো ঘটিল পোহৰলৈ আহিব,’ নৰ্থ ইষ্ট নাও-ত মন্তব্য উপাধ্যায়ৰ।
লগতে পঢ়ক যৌনাংগত জলকীয়া সানি ৰাস্তাত ভ্ৰমণ কৰোৱালে মহিলাক!
মহিলাগৰাকীক নিৰ্য্যাতনৰ ভিডিঅ’ ৰাজহুৱা কৰাসকলৰ বিৰুদ্ধেও আই টি আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ সদৰী কৰিছে।
আনহাতে মহিলাগৰাকীয়ে ‘অবৈধ মদ বিকা’ আৰু ‘অসামাজিক কাম-কাজ’ কৰা বুলি গাওঁখনৰ লোকসকলে প্ৰতি-অভিযোগ উত্থাপন কৰা বুলি সদৰী কৰিছে উপাধ্যায়ে।
মহিলাগৰাকীয়ে তেওঁৰ পৰা নিৰ্য্যাতনকাৰী লোকসকলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন কাঢ়ি নিব খোজা বুলি অভিযোগ কৰিছিল।
১০ দিন পূৰ্বেই ঘটা ঘটনাটোৰ অভিযোগ ভুক্তভোগীয়ে স্থানীয় থানাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে দাখিল কৰিব লগা হৈছিল কৰিমগঞ্জৰ জিলা আদালতত।
লগতে পঢ়ক নাৰীক জোৰ–জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ
অভিযোগ মতে যোৱা ১০ ছেপ্তেম্বৰত কেইজনমান লোকে মহিলাগৰাকীৰ ঘৰলৈ আহি শহুৰেকৰ হাত বান্ধি লৈ মহিলাগৰাকীৰ কাপোৰ খুলি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ পোৱা ধনখিনি দাবী কৰি অত্যাচাৰ কৰিছিল।
সেই অত্যাচাৰৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে ১১ ছেপ্তেম্বৰত স্থানীয় স্থানীয় মাগুৰা আৰক্ষী চকীলৈ যাবলৈ ওলোৱাৰ সময়তে গাঁৱৰ ৰাইজে মহিলাগৰাকীক ঘেৰি ধৰি পুনৰ নগ্ন কৰি যোনিত জলকীয়া সানি অত্যাচাৰ কৰে।
‘মই যেতিয়া মাগুৰা আৰক্ষী চকীলৈ অভিযোগ দাখিলৰ বাবে ওলালো, গাঁৱৰ ৰাইজে মোক ঘেৰি ধৰি কাপোৰ খুলি পেলায়। পিছত মতা, মাইকী সকলোৱে মিলি মোৰ যৌনাংগত জলকীয়া গুৰি সানে। মাৰ-ধৰো কৰে…কোনোবাই তাৰে ভিডিঅ’ বনায়,’ ভুক্তভোগীগৰাকীৰ মন্তব্য।
লগতে পঢ়ক বন্ধনৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা
মহিলাগৰাকীক অত্যাচাৰ কৰা লোকসকলে থানালৈ নাযাবলৈ বুলিও মহিলাগৰাকীক সকীয়নি দিয়ে বুলি তেওঁ অভিযোগ কৰিছিল।
‘মোক সিহঁতে মনে মনে থাকিবলৈ সকীয়াই দিছিল, অন্যথা ভিডিঅ’টো ৰাজহুৱা কৰি দিব বুলি কৈছিল,’ মহিলাগৰাকীৰ অভিযোগ।
বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত যোৱা ১০ আৰু ১১ ছেপ্তেম্বৰতেই ঘটা ঘটনাটো ভুক্তভোগী মহিলাগৰাকীয়ে বৃহস্পতিবাৰে আদালতত অভিযোগ দিয়াতহে পোহৰলৈ আহিছিল।
ইতিমধ্যে কোনোবা লোকে ৰাজহুৱা কৰা অত্যাচাৰৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।