পৃথিৱীৰ আটাইতকৈ বয়সস্থ জীৱিত ব্যক্তি হিচাপে প্ৰমাণ পত্ৰ লাভ কৰা জাপানৰ মহিলা কেন টানাকাৰ মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ১১৯ বছৰ।বাতৰি অনুসৰি, যোৱা সপ্তাহত পশ্চিম জাপানৰ ফুকুওকা চহৰৰ এখন চিকিৎসালয়ত বাৰ্দ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু ঘটিছে। সেই অনুসৰি যোৱা ১৯ এপ্ৰিলত তেওঁৰ দেহাৱসান ঘটে।
১৯০৩ চনৰ ২ জানুৱাৰীত ফুকুওকা অঞ্চলত কেন টানাকাৰ জন্ম হৈছিল। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য তুলনামূলকভাৱে ভালেই আছিল আৰু তেওঁ ব’ৰ্ড গেম খেলা, অংকৰ সমস্যা সমাধান কৰাৰ লগতে তেওঁ বাস কৰা নাৰ্চিং হোমত চডা আৰু চকলেট উপভোগ কৰি সময় অতিবাহিত কৰিছিল।
টানাকাই ১৯২২ চনত হিদেও টানাকাক বিয়া কৰায়। তেওঁলোকৰ পাঁচটা সন্তান থকাৰ উপৰি তেওঁলোকৰ এজন দত্তক লোৱা সন্তানো আছিল।
লগতে পঢ়ক: দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে টানাকাক ২০১৯ চনত জীৱিত আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপে প্ৰমাণ পত্ৰ দিছিল। তেওঁৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত টানাকাই কৈছিল: “এতিয়া।”
বাতৰি অনুসৰি, টানাকাই ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ টৰ্চ ৰিলেত হুইলচেয়াৰত অংশগ্ৰহণ কৰিব বিচাৰিছিল যদিও মহামাৰীয়ে তেওঁক তেনে কৰিবলৈ সুযোগ নিদিলে।
তেওঁ প্ৰতিদিনে পুৱা ৬ বজাত সাৰ পাইছিল আৰু আন কামবোৰ কৰাৰ মাজতে দিনটোত কেলিগ্ৰাফী (লিপি বিদ্যা) অনুশীলন কৰিছিল।
লগতে পঢ়ক: ভুৱা বাতৰি প্ৰচাৰ! ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে; চাওক তালিকা
টুইটাৰৰ জৰিয়তে গিনিজে টানাকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
তেওঁ মৃত্যুৰ বাতৰিটো নিশ্চিত কৰি টুইট কৰি লিখিছে যে টানাকা এতিয়ালৈকে অভিলেখ গঢ়া দ্বিতীয়গৰাকী বৃদ্ধ ব্যক্তি।
We're sad to report that Kane Tanaka has passed away at the age of 119.
Kane was the oldest living person in the world.
— Guinness World Records (@GWR) April 25, 2022
বিশ্ব বেংকৰ তথ্য অনুসৰি, জাপানত বিশ্বৰ আটাইতকৈ অধিক বৃদ্ধ জনসংখ্যা আছে। দেশখনৰ প্ৰায় ২৮ শতাংশ লোকৰ বয়স ৬৫ বছৰ বা তাতকৈ অধিক।
গিনিজৰ ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃত আটাইতকৈ পুৰণি জীৱিত ব্যক্তি আছিল ফ্ৰান্সৰ জিনে লুইজ কেলমেণ্ট। ১৯৯৭ চনত ১২২ বছৰ আৰু ১৬৪ দিন বয়সত তেওঁ মৃত্যুবৰণ কৰিছিল।