• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

জগন্নাথ পাঠক by জগন্নাথ পাঠক
August 15, 2022 8:43 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জাতীয়তাই স্বাধীনতাৰ পয়সত্তৰ বছৰ পূৰ্ণতাৰ উদযাপন কৰিবলৈ লোৱাটো নিতান্তই এক গৌৰৱৰ কথা। তাৰ অৰ্থ এয়ে যে  আমি বিদেশী শাসন ব্যৱস্থাৰ পৰা মুক্ত হৈ স্নিগ্ধ অনুভূতিৰে আৰু স্বাধীন সত্তাৰে বিশ্বৰ বুকুত এক স্বাধীন দেশৰ পৰিচয়ৰে বৰ্তমান পয়সত্তৰ বছৰত উপনীত হৈছোঁ। তাৰ কাৰণে আমাৰ দেশক বিদেশী শাসন ব্যৱস্থাৰ পৰা মুক্ত কৰিবলৈ ইংৰাজ চৰকাৰৰ বিপক্ষে আন্দোলন কৰি নানা অত্যাচাৰৰ সন্মুখীন হ’ব লগীয়া হৈছিল আমাৰ পূৰ্বজসকল। সেই সকল চিৰ নমস্য স্বাধীনতা ৰণৰ সেনানী সকলৰ আত্ম বলিদানৰ ফল আজিৰ এই স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া উদযাপন সমাৰোহ। সেই বীৰ সেনানী সকলৰ প্ৰতি প্ৰত্যেকজন ভাৰতীয় চিৰ কৃতজ্ঞ আৰু উদযাপনৰ ক্ষণত সশ্ৰদ্ধ প্ৰণাম জনাওঁ।

এই পয়সত্তৰ বছৰীয়া স্বাধীনতাৰ দিন তথা কাল উদযাপনৰ ক্ষণত আমি সেই জন আমাৰ ৰাষ্ট্ৰ খনৰ নেতা জনক কৃতজ্ঞতা জনাব লাগিব, যি জনৰ প্ৰেৰণা আৰু উদগনিত ই সম্ভৱ হৈ উঠিছে । সেই নেতা জনক লৈ আমি গৌৰৱ কৰিব পৰা হৈছোঁ, যি জনে আমাৰ ৰাষ্ট্ৰ খনৰ নেতৃত্ব লৈ আমাৰ দেশক এনে এক স্তৰলৈ তুলি ধৰিছে যি কাৰণে পৃথিবীৰ সকলো আগবঢ়া দেশেই ভাৰতৰ পিনে প্ৰশংসাৰ দৃষ্টিৰে চাবলৈ লৈছে আৰু আমাৰ নেতা জনৰ নেতৃত্বত ভাৰতে নেতৃত্ব দিব পৰা ৰাষ্ট্ৰ বুলি মান্যতা দিবলৈ লৈছে । বিশেষকৈ ক’ভিদ কালত বিশ্বৰ মানব সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতে পালন কৰা ভূমিকাই ভাৰত ৰাষ্ট্ৰৰ স্থিতি ইমান সুদৃঢ় কৰিছে, সিয়ে ভাৰতীয় জাতীয় সত্তাৰ মান বহু উৰ্দ্ধলৈ তুলি ধৰিছে।

Apply Now

তাৰ লগে লগে ভাৰতীয় সত্তাক নতুন মৰ্যাদা প্ৰদান কৰাৰ লেখীয়াকৈ আমাৰ ৰাজ্য খনলৈ নতুন লহৰ সৃষ্টিৰে ৰাজ্য খনৰ তৃণমূল পৰ্যন্ত জোকাৰণি তোলা আমাৰ ৰাজ্যৰ অতুলনীয় নেতা জনৰ কাৰ্যদক্ষতা আৰু দূৰদৰ্শিতাক লৈ স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া কালত আমি গৌৰৱ কৰিবলৈ যথেষ্ট স্থল আছে । ৰাজ্য খনলৈ অহা সমূহ ধ্বংসকাৰী শক্তিক কঠোৰ হাতে দমন কৰা কাৰ্য  বৰ প্ৰশংসনীয় পদক্ষেপ ।

সেই সকলো প্ৰশংসনীয় আৰু আশাব্যঞ্জক স্নিগ্ধ ধ্যান-ধাৰণাৰ মাজতো ৰাষ্ট্ৰ খনৰ জনগণই ভবিষ্যতৰ দিনবোৰলৈ ভয়ংকৰ প্ৰত্যাহবানৰ সন্মুখীন হৈ দিন অতিবাহিত কৰিব লগীয়া অৱস্থা নিদাৰুণভাবে নিৰাশাজনক। ক’ভিদ কালৰ পাছৰে পৰা সকলো প্ৰকাৰৰ ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে বজাৰৰ খাদ্য-বস্তুৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ, বিশেষকৈ মধ্যবিত্ত আৰু নিম্নস্তৰৰ মানুহৰ ক্ৰয়ক্ষমতা বহু বহু পৰিমানে সংকুচিত কৰি পেলাইছে। স্বাধীন আমাৰ ৰাষ্ট্ৰ খনৰ এই পয়সত্তৰ বছৰেও আমাৰ অসমৰ বানপানীৰ সমস্যা সমাধানৰ কোনো বাস্তবসন্মত ব্যৱস্থা নোহোৱাটো বৰ আক্ষেপৰ কথা হৈ পৰিছে। আমাৰ চৰকাৰে সেই বানবিধ্বস্ত মানুহক কিছুমান সুন্দৰ সকাহ ব্যৱস্থা ল’বলৈ লোৱা খবৰ বৰ সন্তোষজনক। তাৰ কাৰণে ৰাজ্য খনৰ নাগৰিকৰ চৰকাৰৰ প্ৰতি আস্থা বৃদ্ধি হ’ব বা হৈছে।

আমাৰ দেশ খনৰ বাট-পথৰ সন্দৰ্ভত অলপ কিছুদিনৰ আগতে সংশ্লিষ্ট মন্ত্ৰী মহোদয়ে সংসদত বৰ গৌৰবেৰে ঘোষণা কৰিছিল যে দুই হেজাৰ চৌব্বিছৰ ভিতৰত ভাৰতৰ পথবোৰ ইমান উন্নত কৰা হ’ব যে যাত্ৰাকালবোৰ এঠাইৰ পৰা আন এঠাইলৈ হ্ৰাস হৈ আমেৰিকাৰ সমতুল্য হ’ব। কথাটো শুনিবলৈ বৰ ভাল লগা আৰু উৎসাহজনক। কিন্তু আমাৰ ৰাষ্ট্ৰ খনৰ আন ৰাজ্যসমূহৰ সৈতে তুলনাগতভাবে আমাৰ ৰাজ্য খনৰ পথবোৰ সমতুল্য বুলি আমি বাৰু ভাবিব পৰা হৈছোঁনে? আমি বাৰু ইমান উপেক্ষিত কিয়?

স্বাধীন ভাৰতৰ পয়সত্তৰ বছৰ গৰকি অহাৰ পাছতো ৰাষ্ট্ৰ খনৰ একাংশ নাগৰিকে আজিও ৰাষ্ট্ৰ খনক ভাল পাবলৈ নিশিকা কথাই আমাক বৰকৈ ব্যথিত কৰে। বাৰ্তা বিকৃত কৰণক আধাৰ কৰি লৈ আজিও ভাৰতীয় জাতীয়তাবোধৰ বিপৰীতে গোষ্ঠীগত আক্ৰোশৰ অসুস্থতাৰ পৰা মুক্ত হ’ব নোৱাৰাতো বৰ বেদনাদায়ক। আমাৰ দেশৰ সকলো পক্ষৰ সহযোগিতাৰে ভাৰতীয় জাতীয়তাবোধে বিশ্বত মূৰ তুলি থকাতো কামনা কৰোঁ; কিন্তু সেই বৈশিষ্টক পৰিচৰ্যা কৰি থাকোতে ক্ষুদ্ৰ জাতিসত্তাৰ ধাৰণাৰে অসমীয়া জাতিসত্তাৰ গৌৰৱ সম্পূৰ্ণৰূপে নিঃচিহ্ন হৈ যোৱাটো মই কোনো পধ্যেই কামনা নকৰোঁ ।

কিন্তু আটাইতকৈ পৰিতাপ কৰিব লগীয়া কথাটো হৈছে দেশৰ স্বাধীনতাৰ পয়সত্তৰ বছৰৰ কালতো ৰাষ্ট্ৰখনৰ সৰ্বস্তৰতে বিয়পি থকা একাংশ মানুহ দুৰ্নীতিবাদৰ দৰে অসুস্থ মানসিকতাৰ পৰা মুক্ত হ’ব নোৱাৰা কথাটো বৰ লজ্জাজনক, যিয়ে দেশ খনৰ প্ৰকৃত বিকাশক স্থবিৰ কৰি দিয়ে ।

(অৱসৰপ্ৰাপ্ত বেংক বিষয়া জগন্নাথ পাঠক এগৰাকী লিখক তথা প্ৰৱন্ধকাৰ)

জগন্নাথ পাঠক

জগন্নাথ পাঠক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd