• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাই দোষ, ‘পদ্মশ্ৰী’ নিদিলে জুবিনক : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 27, 2019 4:10 pm
Zubeen-Garg

জুবিন গাৰ্গ। ফট’ উৎস : ইণ্টাৰ্নেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ‘পদ্মশ্ৰী’ সন্মান লাভ কৰাৰ যোগ্যতা নিশ্চয়কৈ আছে। কিন্তু এই সন্মানৰ পৰা বঞ্চিত হৈছে যুৱ প্ৰজন্মৰ ‘হাৰ্টথ্ৰ’ব’জন।

জনপ্ৰিয় শিল্পীজনক ‘পদ্মশ্ৰী’ সন্মানৰ পৰা বঞ্চিত কৰাক লৈ মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। দেওবাৰে দিচপুৰত সংবাদমেল সম্বোধন কৰি গগৈয়ে জুবিন গাৰ্গক বিজেপি চৰকাৰে প্ৰাপ্য সন্মান নিদিয়া বুলি অভিযোগ আনে।

Apply Now

“জুবিনক ‘পদ্মশ্ৰী’ নিদিলে কিয়? তেওঁৰ সেই যোগ্যতা নাছিল নেকি? জুবিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে বাবেই তেওঁক ‘পদ্মশ্ৰী’ দিয়া নাই”, প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।

তেওঁ লগতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰক ‘ভাৰতৰত্ন’ সন্মান প্ৰদান কৰাক আদৰণি জনোৱা বুলি উল্লেখ কৰি কয়, “ভূপেন হাজৰিকা জীয়াই থকা হ’লে তেৱোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে হেঁতেন, সেইটোত মই এশ শতাংশই নিশ্চিত। তেতিয়া তেওঁক বিজেপিয়ে ‘ভাৰতৰত্ন’ দিলে হেঁতননে নাই তাতহে মোৰ সন্দেহ আছে”।

ইপিনে, ভূপেন হাজৰিকাক কংগ্ৰেছ চৰকাৰ থাকোতে ‘ভাৰতৰত্ন’ৰে সন্মানিত কৰিব নোৱৰা বিষয়টোক লৈ বিভিন্নজনে চৰ্চা কৰি থকাৰ সময়তে তৰুণ গগৈয়ে কয় যে সুধাকন্ঠক কংগ্ৰেছৰ দিনত ‘পদ্মবিভূষণ’লৈ সন্মান প্ৰদান কৰা হৈছিল। কেৱল ‘ভাৰতৰত্ন’ বাকী আছিল।

বিশ্ববিশ্ৰুত শিল্পীগৰাকীক কংগ্ৰেছৰ দিনতেই বহুকেইটা সন্মান প্ৰদান কৰা বুলি দাবী কৰি গগৈয়ে ইয়াকো কয় যে ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ৰাজনৈতিকভাৱে মতবিৰোধ আছিল, কিন্তু তেওঁৰ প্ৰতি কংগ্ৰেছ চৰকাৰে বিৰোধ মনোভাৱ ৰখা নাছিল।

ভূপেন হাজৰিকা ১৯৭১ চনত কংগ্ৰেছৰ বিৰুদ্ধে ‘কেম্পেইনাৰ’ আছিল আৰু পাছলৈ তেওঁ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীও আছিল বুলি উল্লেখ কৰি তেনে ক্ষেত্ৰতো তেওঁক কোনো দিনেই অৱজ্ঞা কৰা নাছিল বুলি কয়। সুধাকণ্ঠৰ জীৱনৰ শেষৰফালে অৰ্থিক অৱস্থা বেয়া হৈ যোৱাত কংগ্ৰেছে চৰকাৰে তেওঁক কেবিনেট মৰ্য্যাদা দি সহায় কৰিছিল আৰু তেওঁৰ চিকিৎসাৰ খৰচো কংগ্ৰেছেই সকলোখিনি ব্যয় কৰিছিল বুলি তৰুণ গগৈয়ে মন্তব্য কৰে।

“সন্মান প্ৰদানৰ কৰোঁতে আমি বেকগ্ৰাউণ্ড  চোৱা নাছিলো। বিজেপিয়েহে বেকগ্ৰাউণ্ড চাই সন্মান প্ৰদান কৰে”, গগৈৰ কটাক্ষ।

ইয়াৰ উপৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ‘ভাৰতৰত্ন’ প্ৰদান কৰাক লৈও তৰুণ গগৈয়ে আনন্দ প্ৰকাশ কৰি কয়, “বিজেপিয়ে ৭০ বছৰত কংগ্ৰেছে একো নকৰিলে বুলি কয়, কিন্তু প্ৰণৱ মুখাৰ্জীও এজন কংগ্ৰেছীয়েই আছিল। তেওঁ যোৱা দিনবোৰত কৰা কামৰ বাবেই ‘ভাৰতৰত্ন’ৰ বাবে নিৰ্বাচিত হ’ল”।

অৱশ্যে গগৈয়ে মুখাৰ্জীয়ে কেইমাহমানৰ পূৰ্বে অনুষ্ঠিত আৰ এছ এছৰ এক অনুষ্ঠানত ভাগ লৈছিল বাবেহে বিজেপিয়ে তেওঁক ‘ভাৰতৰত্ন’ প্ৰদান কৰিছে বুলি মন্তব্য কৰে।

ইপিনে, ভূপেন হাজৰিকাক ‘ভাৰতৰত্ন’ প্ৰদান সম্পৰ্কত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই কৰা মন্তব্যৰ বিষয়ে তেওঁ অৱগত নহয় বুলি প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd