• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়াত সাংবাদিক প্রণৱ নাৰায়ণ সিংহৰ নামত প্ৰতিবছৰে বঁটা প্ৰদান কৰিব শোণিতপুৰ জিলা প্ৰশাসনে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 8:26 am
Journo_Award
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি বছৰ পূৰ্বে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰণৱ নাৰায়ণ সিংহৰ মৃত্যু হোৱা দিনটোতে (১ মে’) সাংবাদিকজনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নে প্ৰতি বছৰেই এক মে’ৰ দিনটো বিশেষ ধৰণে উদ্‌যাপন কৰি আহিছে। সেই উদ্দেশ্যে উক্ত দিনটোত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগ বঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে। যোৱা বছৰৰ পৰা সাংবাদিকজনৰ নামত প্ৰণৱ সিংহ স্মাৰক সাংবাদিক বঁটা প্ৰদান কৰি আহিছে।

কিন্তু প্ৰয়াত সাংবাদিকজনৰ প্ৰতি শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ এই শ্ৰদ্ধাঞ্জলিক নতুন মাত্ৰা দি শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিবছৰে তেওঁৰ ওপজা দিন ১৫ আগষ্টত ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকক নগদ ধনেৰে স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই সিদ্ধান্তত স্বাভাৱিকতে উৎসাহিত হৈছে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়ন। লগতে সাংবাদিকজনৰ অনুৰাগীসকলো উৎফুল্ল হৈছে।

Apply Now

জানিব পৰামতে, ১ মে’ত শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ প্ৰাংগণত অনুষ্ঠিত সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে।

সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ অনুষ্ঠানটো তেজপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰাণজিৎ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছিল। ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই প্ৰণৱ সিংহ এগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক আছিল বুলি মন্তব্য কৰে।

আনহাতে, এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা। সঞ্চালক বৰুৱাই প্ৰণৱ সিংহৰ সান্নিধ্যৰ কথা সুঁৱৰি তেওঁৰ জীৱনাদৰ্শ স্মৃতিচাৰণ কৰে আৰু যিখন মহাজাতি কাকতৰ লগত সাংবাদিকজন জড়িত আছিল, সেই কাকতখন পুনৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰিবলৈ তেজপুৰৰ সুধীমণ্ডলীক আহ্বান জনায়। কাৰ্য্যসূচীটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল লেখক ঐশ্বৰ্য কাকতী। উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী সংগীতা কাকতী।

অনুষ্ঠানটোতে দীৰ্ঘদিন ধৰি লোকশিল্পৰ সাধনাত ব্যস্ত থকা তথা দিব্যাংগসকলৰ কল্যাণৰ অৰ্থে নিজৰ সমস্ত সময় অতিবাহিত কৰা বিশিষ্ট সাহিত্যিক প্ৰবীণ গগৈক শোণিতপুৰ  জাৰ্নেলিষ্ট য়ুনিয়নে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনাৰ লগতে, প্ৰণৱ সিংহৰ সান্নিধ্যত সাংবাদিকতাৰ পাঠ শিকা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাক ২০১৮ বৰ্ষৰ বাবে প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰিছে শোণিতপুৰ  জাৰ্নেলিষ্ট য়ুনিয়নে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd