• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Lakhimpur Kheri case : অৱশেষত ‘মন্ত্ৰীপুত্ৰ’ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 2:36 pm
Lakhimpur Kheri case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lakhimpur Kheri case : অৱশেষত খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশ আৰক্ষী।

মিশ্ৰক শনিবাৰে নিশা আদালতত হাজিৰ কৰোৱা হয়। আদালতে আশীষ মিশ্ৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

খেৰীৰ হিংসাত্মক ঘটনাসন্দৰ্ভত প্ৰায় ১২ ঘণ্টা জেৰাৰ পিছত এটা চিকিৎসা দলে আশীষ মিশ্ৰক অপৰাধ শাখাৰ কাৰ্যালয়ত পৰীক্ষা কৰে আৰু তেওঁক ন্যায়িক দণ্ডাধীশৰ সন্মুখত থিয় কৰায়।

আশীষ মিশ্ৰৰ আৰক্ষী ৰিমাণ্ডৰ বাবে এখন আবেদন ন্যায়িক দণ্ডাধীশৰ ওচৰত দাখিল কৰা হৈছিল আৰু সোমবাৰে পুৱা ১১ বজাত শুনানিৰ বাবে নিৰ্ধাৰণ কৰে।

Apply Now

যোৱা দেওবাৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰোধিতাৰে খেৰীত প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আশীষ মিশ্ৰৰ নাম এখন এজাহাৰত উল্লেখ কৰা হৈছিল।

কৃষক নেতা আৰু বিৰোধী দলসমূহে মিশ্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰি আহিছিল কিন্তু মন্ত্ৰী আৰু তেওঁৰ পুত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছিল।

স্থানীয় সাংবাদিক ৰমন কাশ্যপৰো এই হিংসাত্মক ঘটনাত মৃত্যু হৈছিল ।

আৰক্ষীৰ অপৰাধ শাখা কাৰ্যালয়ত বিশেষ তদন্ত কমিটিৰ দ্বাৰা জেৰা কৰাৰ পিছত শনিবাৰে নিশা প্ৰায় ১১ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰক অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে খেৰী হত্যাকাণ্ড সম্পৰ্কত মন্তব্য কৰিছিল যে আইনে সকলো অভিযুক্তৰ বিৰুদ্ধে ইয়াৰ পথ ল’ব লাগিব আৰু আঠজন ব্যক্তিৰ নিৰ্মম হত্যাকাণ্ডৰ তদন্তত আস্থা প্ৰেৰিত কৰিবলৈ চৰকাৰে এই ক্ষেত্ৰত সকলো প্ৰতিকাৰমূলক পদক্ষেপ ল’ব লাগিব।

Also read : Rajkanya Baruah ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি থকা সংযুক্ত কিষাণ মৰ্চাই (SKM) অভিযোগ কৰিছিল যে এই হিংসা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত অনুষ্ঠিত হৈছিল আৰু মন্ত্ৰী আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

কৃষক সংগঠনসমূহে কয় যে যদি চৰকাৰে ১১ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ দাবী মানি নলয়, তেন্তে তেওঁলোকে নিহত কৃষকসকলৰ অস্থিৰ সৈতে লখিমপুৰ খেৰীৰ পৰা ‘শ্বহীদ কিষাণ যাত্ৰা’ৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইতিমধ্যে সংযুক্ত কিষাণ মৰ্চাই ১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ সমগ্ৰ দেশজুৰি “ৰেল প্ৰতিৰোধ” প্ৰতিবাদ আৰু ২৬ অক্টোবৰত লক্ষ্ণৌত “মহাপঞ্চায়ত”ৰ আহ্বান জনাইছে।

Also read : Rajkainya Baruah, সুৰাৰ ৰাগীত গাড়ীৰে শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যালৈ আৰক্ষীৰ চমন; শীঘ্ৰে গ্ৰেপ্তাৰৰ সম্ভাৱনা

ইফালে দিল্লীত এখন সংবাদমেলত কিষাণ মৰ্চাৰ নেতা যোগেন্দ্ৰ যাদৱে অভিযোগ কৰে যে অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত আৰু বিভেদ, হত্যা আৰু ষড়যন্ত্ৰ বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা উচিত। অজয় মিশ্ৰই গোচৰটোৰ অপৰাধীসকলকো সুৰক্ষা দি আছে বুলি তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে লখিমপুৰ খেৰী হিংসাত অভিযুক্ত মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰ আৰু আন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ তদন্তৰ বাবে উপ আৰক্ষী মহাপৰিদৰ্শক উপেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত ন জনীয়া এটা বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd