• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৱমেন অৱ দ্য ইয়েৰ : মাত্ৰ ৯ বছৰ বয়সতে স্বামীৰ হাতত ধৰ্ষিতা হোৱা নুজুদৰ কাহিনী

বিয়াৰ প্ৰথম নিশাই ৩০ বছৰীয়া স্বামী ফাইজ আলীয়ে ৯ বছৰীয়া পত্নী নুজুদৰ ওপৰত জঁপিয়াই পৰিছিল। ৯ বছৰ বয়সতে নিজৰ স্বামীৰ দ্বাৰা ধৰ্ষিতা হৈছিল নুজুদ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 1:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পখিলা খেদাৰ বয়সত, স্কুললৈ যোৱাৰ বয়সত নুজুদক বিয়া দি উলিয়াই দিয়া হৈছিল। বিয়াৰ সময়ত তাই বয়স আছিল মাত্ৰ ৯ বছৰ।

নুজুদৰ মাক দেউতাকৰ ১৬ টা সন্তান আছিল। যাৰ বাবে কন্যাক বিয়া দিবৰ বাবে হেতা উপৰা লগাইছিল পিতৃয়ে। সেয়ে ২০০৮ চনত ত্ৰিশ বছৰীয়া ফাইজ আলী থামেৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলগীয়া হৈছিল নুজুদ।

Apply Now

লগতে পঢ়কঃ পতঞ্জলিৰ ঔষধ বন্ধ কৰি দিলে নেপাল ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই

বিয়াৰ প্ৰথম নিশাই ৩০ বছৰীয়া স্বামী ফাইজ আলীয়ে ৯ বছৰীয়া পত্নী নুজুদৰ ওপৰত জঁপিয়াই পৰিছিল। ৯ বছৰ বয়সতে নিজৰ স্বামীৰ দ্বাৰা ধৰ্ষিতা হৈছিল নুজুদ।

মধ্যপ্ৰাচ্য আটাইতকৈ দৰিদ্ৰ দেশ য়েমেনৰ এটা দৰিদ্ৰ সংৰক্ষণশীল মুছলীম পৰিয়ালত জন্ম হৈছিল নুজুদ আলিৰ।  ইয়াৰ উপৰিও য়েমেনৰ আইন অনুসৰি বাল্যবিবাহ হৈছে আইন স্বৃকীত। য়েমেনৰ এটা জনপ্ৰিয় প্ৰবাদ হৈছে, “যদি কুমাৰী পত্নী বিচাৰে তেন্তে আঠ বছৰীয়া ছোৱালীক বিয়া কৰাওক।” আৰু নুজুদৰ লগতো সেইটোৱেই হ’ল।

বিয়াৰ প্ৰথম নিশা পৰাই তাই ভোগ কৰিবলগীয়া হৈছিল স্বামীগৃ্হৰ অত্যাচাৰ। গোটেই দিন হাড় ভঙা পৰিশ্ৰম  আৰু ৰাতি স্বামীৰ দ্বাৰা অত্যাচাৰ আৰু ধৰ্ষণ।

লগতে পঢ়কঃ পৈশাচিক ! ১০ বছৰীয়া শিশুৰ যৌনাংগত দোকানীয়ে ঘঁহি দিলে জলকীয়া

নুজুদে যেতিয়া দেউতাকৰ ঘৰলৈ উভতি যাব বিচাৰে তেতিয়া দেউতাকে সকীয়াই দিয়ে যে নুজুদ শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিলে দেউতাকৰ ঘৰত থাকিবলৈ নিদিয়ে। সেয়ে তাই নীৰৱে সহ্য কৰি গৈছিল সকলো অন্যায়।

এই শ্বাসৰুদ্ধকৰ জীৱনৰ পৰা মুক্তি অৱশেষত নুজুদে মুক্তি লাভ কৰিছিল ২০০৮ চনৰ ২ এপ্ৰিলত। নুজুদৰ পিতৃৰ দ্বিতীয় পত্নীৰ পৰামৰ্শ মতে নুজুদে ৰুটি কিনিবলৈ যোৱাৰ অজুহাতত বিবাহ বিচ্ছেদ বিচাৰি আদালতলৈ পলায়ন কৰে।

লগতে পঢ়কঃ নাৰীৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম একেৰাহে পঞ্চম বছৰৰ বাবে শীৰ্ষত

কিন্তু য’ত বাল্যবিবাহ বৈধ, তাত তাই কি কৰিব? অৱশ্যে নুজুদে হাৰ নামানিলে। তাইৰ কাষতে থিয় দিলেহি তাইৰ দৰে এগৰাকী যুঁজাৰু, য়েমেনৰ প্ৰথম মহিলা অধিবক্তা ছাদা নাছেৰে।

য়েমেনত বাল্য বিবাহ আইন সন্মত যদিও নুজুদৰ বিয়াৰ সময়তে তাই শাৰীৰিকভাবে নিজে সাজু হৈ নুঠালৈকে স্বামীয়ে তাইৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব বুলি চুক্তি কৰা আছিল। অৱশেষত নুজুদ আৰু অধিবক্তা ছাদাই বিবাহৰ পূৰ্বৰ চুক্তি উলংঘা কৰি স্বামীয়ে তাইক ধৰ্ষণ কৰা বুলি যুক্তি দি গোচৰটোত জয়ী হয়।

লগতে পঢ়কঃ কাৰাগাৰত বাৰে বাৰে ধৰ্ষিতা হৈছিলো: চৌডি নাৰীবাদী নেত্ৰীৰ স্বীকোৰোক্তিত ব্যাপক প্ৰতিক্ৰিয়া

ন্যায়াধীশ মহম্মদ আল-গাদাই কণমানি ছোৱালীজনীৰ কাষত থিয় দি নুজুদৰ স্বামী আৰু পিতৃ দুয়োকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। অৱশেষত ন্যায়াধীশে প্ৰথমতে দিয়া পাঁচ বছৰীয়া ‘বিবাহৰ পৰা অন্তৱৰ্তীকালীন’প্ৰস্তাৱৰ বিৰুদ্ধে নুজুদে বিবাহ বিচ্ছেদ ল’বলৈ সক্ষম হ’ল।

২০০৮ চনৰ ১৫ এপ্ৰিলত আদালতে বিবাহ বিচ্ছেদ ঘোষণা কৰি নুজুদৰ স্বামীক বিবাহ চুক্তি ভংগ কৰাৰ ক্ষতিপূৰণ হিচাপে প্ৰাক্তন পত্নীক প্ৰতিমাহে ২৫০ মাৰ্কিন ডলাৰ দিবলৈ নিৰ্দেশ দিয়ে।

নুজুদে নিজৰ অধিকাৰৰ বাবে কৰা এই সংগ্ৰামৰ সন্মানত সেই বছৰ আমেৰিকাৰ মহিলা আলোচনী “গ্লেমাৰ”ত “বছৰৰ মহিলা” তথা গ্লেমাৰৰ ‘ৱমেন অৱ দ্য ইয়েৰ’ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

গোচৰটোত জয়ী হোৱাৰ পিছত নুজুদে আন এখন চহৰলৈ গৈ পুনৰ পঢ়া-শুনা আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ ফৰাচী সাংবাদিক ডেলফিন মিনৌইৰ সৈতে নিজৰ জীৱনৰ বিষয়ে এখন কিতাপ লিখে, যাৰ নাম আছিল “মই নুজুদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদ”। আজি প্ৰায় ডেৰ দশক পিছতো সেই কিতাপখনে নুজুদৰ দৰে বহু নিৰ্যাতিতা ছোৱালীক বাট দেখুৱাইছে। আজিও নুজুদে বাল্য বিবাহ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এগৰাকী সক্ৰিয়কৰ্মী হিচাপে কাম কৰি আছে।

লগতে পঢ়কঃ শেহতীয়া NCRB প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd