পাকিস্তানত পুনৰ অত্যাচাৰ কৰা হৈছে হিন্দু সংখ্যালঘুৰ ওপৰত। পাকিস্তানৰ সিন্ধ প্ৰদেশত এগৰাকী ৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি বলপূৰ্বকভাৱে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰোৱা হৈছে।
কেৱল সেয়াই নহয়, ধৰ্মান্তৰিত কৰি কিশোৰীগৰাকীক বিয়া কৰাই দিয়া হৈছে ৫৫ বছৰীয়া এজন ব্যক্তিৰ লগত।
এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতেই সংখ্যালঘু হিন্দু সমাজ ৰাজপথলৈ ওলাই আহে। সিন্ধৰ বহু ঠাইত হিন্দু সমাজে নিজৰ কন্যা সন্তানৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়কঃ যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা
উল্লেখ্য যে যোৱা মে’ মাহত সংঘটিত হোৱা এই ঘটনাৰ বাবে ভাৰতে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। লগতে পাকিস্তানক সংখ্যালঘু লোকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
পাকিস্তানত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ কিশোৰী আৰু মহিলাক লক্ষ্য কৰি লোৱা ঘটনা এয়াই প্ৰথম নহয়। বিশেষকৈ সিন্ধ প্ৰদেশত যোৱা কেইবছৰমানৰ পৰা এনে বহু জঘন্য ঘটনা চৰ্চালৈ আহিছে।
যোৱা বছৰৰ শেষৰ ফালে সিন্ধ প্ৰদেশত এগৰাকী ৪৪ বছৰীয়া হিন্দু মহিলাক অপহৰণ কৰি হত্যা কৰা হৈছিল। এই ঘটনাই সংখ্যালঘু সম্প্ৰদায়ৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও যোৱা বছৰ চুক্কুৰত অপহৰণ কৰি এগৰাকী ১৮ বছৰীয়া কিশোৰীকো হত্যা কৰা হৈছিল।
ভাৰতীয় বিষয়াসকলৰ মতে, বিগত এটা বছৰত পাকিস্তানত সংখ্যালঘু সম্প্ৰদায়ৰ যুৱতী আৰু মহিলাক অপহৰণ, বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ ১২৪টা গোচৰ ৰুজু হৈছে। ইয়াৰে অধিকাংশই নাবালিকা।
লগতে পঢ়কঃ ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন
চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতে ৰাষ্ট্ৰসংঘত এই বিষয়ত পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সমিতিৰ বৈঠকত ভাৰতে পাকিস্তানক নাবালিকা অপহৰণ, বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ অভিযোগত তীব্ৰ সমালোচনা কৰিছিল। ৰাষ্ট্ৰসংঘত ভাৰত চৰকাৰে কয় যে পাকিস্তানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ে একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ পূজাস্থলীত আক্ৰমণ চলোৱা হৈছে আৰু তেওঁলোকৰ নাবালিকাসকলক বলপূৰ্বকভাবে ধৰ্মান্তৰিত কৰা হৈছে। ইয়াৰ বিৰোধিতা কৰা সকলক চৰকাৰে অত্যাচাৰ কৰে।
লগতে পঢ়কঃ ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে