• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰায় খালী নতুন দিল্লীৰ কানাডাৰ দূতাবাস; সময়সীমাৰ পূৰ্বেই ভাৰত এৰিলে ৪১ কূটনীতিবিদে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 10:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পৰা কানাডাই ৪১ জন কূটনীতিবিদক প্ৰত্যাহাৰ কৰিছে। কানাডাৰ মাটিত খালিস্তান সমৰ্থক নেতা হৰদীপ সিং নিজ্জৰক হত্যা কৰাৰ পিছতে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক অৱনতি ঘটিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ কৰে যে নিজ্জৰ হত্যাৰ আঁৰত ভাৰতীয় এজেণ্ট আছে। ইয়াৰ পিছতে নতুন দিল্লীয়ে কানাডাক ভাৰতত কূটনৈতিক উপস্থিতি হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে (১৯ অক্টোবৰ) কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেলানিয়া জলীয়ে কয় যে, “শুকুৰবাৰৰ ভিতৰত নতুন দিল্লীয়ে ২১ জন কানাডাৰ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে বাকী সকলোৰে কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰিব। ফলত অট’ৱাই আন কূটনীতিবিদসকলক প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। আমি তেওঁলোকক ভাৰতৰ পৰা নিৰাপদে উলিয়াই আনিছো। আমাৰ কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল এতিয়া ভাৰতৰ বাহিৰলৈ গুচি গৈছে।”

লগতে পঢ়কঃ খেলিলে ভাৰতে, চাই ৰ’ল বাংলাদেশ! কোহলীৰ বিৰাট শতক; ৭ উইকেটত দুৰ্দান্ত জয়েৰে বিশ্বকাপৰ শীৰ্ষত ভাৰত

Apply Now

জ’লীয়ে লগতে কয় যে ৪১ জন কূটনীতিবিদৰ কূটনৈতিক বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাটো কেৱল অভূতপূৰ্ব নহয়, আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধেও। অৱশ্যে ভাৰতৰ এই পদক্ষেপৰ বিৰুদ্ধে কানাডাই কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰে বুলিও তেওঁ কয়। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যাতে বেয়া নহয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।

তেওঁ লগতে কয়, “কানাডাই আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষা কৰিব। এই আইনসমূহ সকলো দেশতে প্ৰযোজ্য। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ দুয়োখন দেশৰ কূটনীতিবিদসকলে ইজনে সিজনৰ লগত কথা পতা প্ৰয়োজন।’’

যোৱা মাহত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৰাজহুৱাভাৱে অভিযোগ কৰিছিল যে কানাডাৰ নাগৰিক তথা খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰক হত্যা কৰাৰ আঁৰত ভাৰতীয় চোৰাংচোৱা আছে। নতুন দিল্লীয়ে এই দাবী অস্বীকাৰ কৰে। ট্ৰুডোৰ পৰা প্ৰমাণ বিচৰা হৈছিল। অৱশ্যে এই গুৰুতৰ দাবীৰ সমৰ্থনত তেওঁ এতিয়াও কোনো প্ৰমাণ দাঙি ধৰা নাই। ফলত ভাৰত আৰু কানাডাৰ সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে।

লগতে পঢ়কঃ পুৰুষৰ কি অভ্যাস নাৰী হৃদয়ৰ দুৰ্বলতাৰ কাৰণ হৈ পৰে? কি কয় চাণক্য-নীতিয়ে?

উল্লেখ্য যে খালিস্তানী বিচ্ছিন্নতাবাদীৰ দৰে হৰদীপ সিং নিজ্জৰেও সুকীয়া খালিস্তান ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰতত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ আৰু হত্যাৰ চক্ৰান্তৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে ভাৰতে তেওঁক মষ্ট ৱাণ্টেড তালিকাত স্থান দিছিল। ভাৰতে কানাডাক এই বিচ্ছিন্নতাবাদী নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছে। কিন্তু অট’ৱাই একো পদক্ষেপ গ্ৰহণ কৰা নাই। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd