• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্যাতিতাৰ কথা নুশুনাকৈয়ে খাৰিজ গোচৰ! গুজৰাট উচ্চ ন্যায়ালয়ৰ কাৰ্যত স্তম্ভিত উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2024 1:28 pm
গুজৰাট উচ্চ ন্যায়ালয়। ফটোঃ সংগ্ৰহীত।

গুজৰাট উচ্চ ন্যায়ালয়। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ বা বিভিন্ন ৰাজ্য চৰকাৰে ধৰ্ষণৰ দৰে অপৰাধৰ কঠোৰ শাস্তিৰ কথা সদায়েই কৈ আহিছে। কিন্তু যদি ভুক্তভোগীজন সমাজৰ দুৰ্বল শ্ৰেণীৰ কোনোবা হয় বা অপৰাধী প্ৰভাৱশালী হয় – তেতিয়া উপযুক্ত ন্যায় পায়নে?

গুজৰাটত এগৰাকী নিৰক্ষৰ জনজাতীয় ছোৱালীৰ ধৰ্ষণৰ গোচৰত যি হ’ল সেয়া প্ৰকৃততেই ন্যায়ৰ নামত প্ৰহসন মাথোঁ। উচচ ন্যায়ালয়ে নিজেই যুৱতীগৰাকীৰ বক্তব্য শুনাটো প্ৰয়োজনীয় বুলি নাভাবিলে। অভিযুক্তই দাখিল কৰা “আপোচ চুক্তি” দেখাৰ পিছত ন্যায়াধীশে ধৰি লৈছিল যে “নিষ্পত্তি” হৈ গৈছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত খাৰিজ কৰা হৈছিল গোচৰটো! যুৱতীগৰাকীয়ে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপি অহাৰ পিছতে এই জঘণ্যতম ঘটনা পোহৰলৈ আহে। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে উচ্চ ন্যায়ালয়লৈ উভতি আহিল গোচৰটো। অৱশ্যে ছোৱালীজনীয়ে বিচাৰৰ বাবে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া জানিব পৰা হোৱা নাই।

Apply Now

লগতে পঢ়কঃ ৩৭০ অনুচ্ছেদক লৈ উত্তপ্ত জম্মু-কাশ্মীৰ বিধানসভা; শাসক আৰু বিৰোধী বিধায়কৰ মাজত হতাহতি

উচ্চ ন্যায়ালয়ত দাবী কৰা হৈছিল যে অভিযোগকাৰী আৰু অভিযুক্তৰ মাজত ‘নিষ্পত্তি’ হৈছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সমীৰ জে ডেভে এনে এক ‘শপতনামা’ দেখি এই ধৰ্ষণৰ গোচৰ খাৰিজ কৰে। উচ্চ ন্যায়ালয়ে অভিযোগকাৰীৰ কথা পোনপটীয়াকৈ শুনিবলৈ বা তথাকথিত শপতনামাৰ সত্যতা পৰীক্ষা কৰাৰ প্ৰয়োজনীয় বুলি এবাৰো বিবেচনা কৰা নাছিল। এনে এক গোচৰত স্তম্ভিত হৈ পৰিছে উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিহাৰ বিচাৰপীঠে গোচৰটো পুনৰ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰি পৰ্যবেক্ষণ কৰে যে অভিযোগকাৰীয়ে নিষ্পত্তিৰ বাবে সন্মতি দিয়াৰ কোনো প্ৰমাণ ৰেকৰ্ডত নাই। সত্যটো হ’ল অভিযোগকাৰীৰ অধিবক্তা ইন্দিৰা জয়ছিঙে উচ্চতম ন্যায়ালয়ত কয় যে অভিযোগকাৰী এগৰাকী নিৰক্ষৰ জনজাতীয় ছোৱালী। তথাকথিত ‘ছেটেলমেন্ট ডীড’ৰ ভাষা গুজৰাটী। পক্ষ হিচাপে অভিযোগকাৰীৰ নামৰ ঠাইত টিপ চহী আছে যদিও সেয়া অভিযোগকাৰীৰ বুলি কোনো প্ৰমাণ পোৱা নাযায়। গুজৰাটী পঢ়া তেওঁৰ বাবে সম্ভৱ নহয়। তেওঁক পঢ়ি শুনাই মতামত লোৱা হৈছে তেনে কোনো  সমৰ্থিত প্ৰমানো নাই।

বিশেষকৈ অভিযোগকাৰীৰ বক্তব্য জানিবলৈ চেষ্টা নকৰাত আচৰিত হয় উচ্চতম ন্যায়ালয়। ন্যায়াধীশ ওকাই সোঁৱৰাই দিয়ে যে কোনো ভাষ্যত টিপচহীৰ তলত তৃতীয় পক্ষৰ এণ্ডোৰ্ছমেণ্ট-চহী থাকে। এনে এণ্ডোৰ্ছমেণ্টত ঘোষণা কৰিব লাগিব যে ভাষ্যটো টিপচহী প্ৰদানকাৰীক পঢ়ি শুনোৱা আৰু বুজাই দিয়া হৈছে।

লগতে পঢ়কঃ শ্বেখ হাছিনা এতিয়াও বাংলাদেশৰ প্ৰধানমন্ত্ৰী! শুভেচ্ছা জনালে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পক

সেইবোৰা নথকা সত্তেও উচচতম ন্যায়ালয়ে যুৱতীগৰাকীৰ বক্তব্যৰ সত্যাসত্য নিৰূপণৰ কথাও চিন্তা নকৰাকৈয়ে একপক্ষীয় আৱেদন শুনানি গ্ৰহণ কৰি ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগৰ গোচৰটো কেনেকৈ খাৰিজ কৰিলে সেই লৈ ক্ষোভ আৰু বিস্ময় প্ৰকাশ কৰিছে।

ন্যায়াধীশ ওকা আৰু ন্যায়াধীশ মাছিহাৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ক সমগ্ৰ বিষয়টোৰ, প্ৰয়োজন হ’লে ন্যায়িক বিষয়াৰ জৰিয়তে তদন্ত কৰিবলৈ কয়। উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ক পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে যুৱতীগৰাকীৰ কথা শুনিবই লাগিব। তথাকথিত ‘ছেটলমেণ্ট ডিড’ সঁচাকৈয়ে যুৱতীগৰাকীৰ সন্মতি সাপেক্ষে কৰা হৈছে নে নাই সেইটোও পৰীক্ষা কৰিব লাগিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd