• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ MBBSৰ ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 12:09 pm
170
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা কেৰালাৰ আলাপ্পুঝা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন এম বি বি এছৰ ছাত্ৰই প্ৰাণ হেৰুৱাইছে। নিশা প্ৰায় ৯ বজাত এখন চেভ্ৰলেট টাভেৰা গাড়ীত ৭ গৰাকী ছাত্ৰ তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। তেওঁলোকৰ বাহনখনে এখন কেৰেলা ৰাজ্যিক পথ পৰিবহণ নিগমৰ যাত্ৰীবাহী বাছত সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। সেই ঘটনাস্থলীৰ দৃশ্যত দেখা গৈছে যে গাড়ীখনৰ খিৰিকীবোৰ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈছে আৰু বাছখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হৈছে।

ঘটনাত নিহত হোৱা ছাত্ৰৰ ভিতৰত আছে মহম্মদ, মুহাছিন, ইব্ৰাহীম, দেৱানন্দ আৰু শ্ৰীদীপ। আৰক্ষীৰ মতে, পাঁচজনৰ ভিতৰত তিনিজনৰ থিতাতে মৃত্যু হয়। আন দুজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

লগতে পঢ়কঃ বিয়াত বহিবলৈ সাজু পি ভি সিন্ধু, কাৰ ডিঙিত মালা পিন্ধাব অলিম্পিক পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে?

দুৰ্ঘটনাত আহত দুগৰাকী ছাত্ৰ বৰ্তমান আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে যাত্ৰীবাহী বাছখনত থকা চাৰিজন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, চেভ্ৰলেট টাভেৰা গাড়ীখনে আন এখন বাহন অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত হঠাতে ব্ৰেক মৰাত গাড়ীখন স্কিড কৰি বাছখনত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।

জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে গাড়ীখনৰ ধ্বংসাৱশেষৰ মাজৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি নিহত আটাইকেইজন ছাত্ৰ- আলাপ্পুজাৰ বান্দনাম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

লগতে পঢ়কঃ হিন্দু নিৰ্যাতনৰ প্ৰতিবাদ, ত্ৰিপুৰাৰ বাংলাদেশৰ দূতাবাসত আক্ৰমণ! ঢাকাৰ ক্ষোভ, গৰিহনা দিল্লীৰ

এই মৰ্মান্তিক দুৰ্ঘটনাত সমগ্ৰ অঞ্চল স্তম্ভিত হৈ পৰে। দ্ৰুত গতিত গাড়ী চলোৱাৰ বিপদৰ বিষয়ে সকীয়াই দিছে বিশেষজ্ঞসকলে। এই দুৰ্ঘটনাটোৱে আকৌ এবাৰ সোঁৱৰাই দিছে পথত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা। জীৱন ৰক্ষাৰ বাবে দায়িত্বশীলভাৱে গাড়ী চলোৱা আৰু যান-বাহনৰ নিয়ম পালন কৰাটো অতি প্ৰয়োজনীয়।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd