পুনৰ অবৈধ স্বামীৰ ধৰা অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ৰাজ্যজুৰি ইজনৰ পিছত সিজনকৈ গ্ৰেপ্তাৰ কৰিছে বাল্যবিবাহেৰে জড়িত লোকক।
খবৰ অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এইবাৰ ৫০০ ৰো অধিক লোকক আটক কৰিছে অসম আৰক্ষীয়ে।
সোমবাৰে নিশা ধুবুৰী জিলাৰ ৮ খন থানাৰ আৰক্ষীয়ে অভিযান চলাই কেৱল ধুবুৰীৰ পৰাই ১৯১ জন লোকক আটক কৰিছে। বাল্য বিবাহ কৰা স্বামীৰ লগতে অভিভাৱক, কাজী আৰু পূজাৰীকো আটক কৰা হৈছে।
জানিব পৰা মতে, ধুবুৰী সদৰ আৰক্ষীয়ে ৩৫ জনক, গোলকগঞ্জ আৰক্ষী থানাই ৪২ জনক, গৌৰীপুৰ আৰক্ষী থানাই ৪২ জনক, বিলাসীপাৰা থানাই পৰা ৩৬ জনক, আগমণি আৰক্ষী থানাই ৭ জনক, আৰু তামাৰহাট থানাই ১২ জনক আটক কৰিছে।
ইয়াৰ উপৰিও আৰক্ষীয়ে সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১ জন, চাপৰ আৰক্ষী থানা এলেকাৰ পৰা ৬জন, কামৰূপৰ নগৰবেৰাৰ পৰা ৫জন, অভয়াপুৰীৰ পৰা ৮ জন, গোলাঘাটৰ পৰা ৭জন, বৰপেটাৰ পৰা ৬ জন, বজালীৰ পৰা ১৮ জন, কোকৰাঝাৰৰ পৰা ২৪জন, কৰিমগঞ্জৰ পৰা ৪৯ জন, লখিমপুৰৰ পৰা ৮ জন, মানকাচৰৰ পৰা ৪০ জন, মৰিগাঁৱৰ পৰা ৩০ জন, বঙাইগাঁৱৰ পৰা ৩৯ জন আৰু কামৰূপ জিলাৰ ভিন্ন ঠাইৰ পৰা ৫০ জনক বাল্য বিবাহ কৰা বা ইয়াৰে জড়িত থকাৰ বাবে আটক কৰিছে।
লগতে পঢ়কঃ মৰ্মান্তিক! দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ দাঁতিত শুই থকা শ্ৰমিকক, মৃত্যু ৫ জনৰ
লগতে পঢ়কঃ অসম জাতীয় পৰিষদত যোগদান কৰিব অংকিতা দত্তই!
লগতে পঢ়কঃ ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য