• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত অসমৰ ডাবল ইঞ্জিন চৰকাৰৰ ৫৬৭ কোটি টকাৰ দুৰ্নীতি; উদঙালে কেগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2024 2:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী শাসিত ৰাজ্যসমূহত সংঘটিত দুৰ্নীতিৰ ক্ষেত্ৰত অতি তৎপৰ কেন্দ্ৰ মোদী চৰকাৰ। কিন্তু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থকা ৰাজ্যত ইয়াৰ বিপৰীত। তাত কেন্দ্ৰীয় প্ৰকল্পত বিত্তীয় কেলেংকাৰীৰ অভিযোগ বাৰে বাৰে উত্থাপন হোৱাৰ পিছতো আবণ্টন বন্ধ নহ’ল। এইবাৰ সেই তালিকাত যোগ হৈছে অসমৰ নাম।

কম্প্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল (কেগ)ৰ প্ৰতিবেদনত খোদ নৰেন্দ্ৰ মোডীৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত কোটি কোটি টকাৰ দুৰ্নীতিৰ তথ্য পোৱা গৈছে। বিজেপিৰ হিন্দুত্ববাদী পোষ্টাৰ বয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উঠিছে অভিযোগ। দুৰ্নীতিৰ পৰিমাণো শুনি চকু কপালত উঠা- ৫৬৭ কোটি টকাৰ।

কেগৰ প্ৰতিবেদন অনুসৰি অসমত এই আঁচনিৰ ১৫ লাখতকৈ অধিক হিতাধিকাৰী আৰ্থিক সাহায্যৰ যোগ্য নহয়। আনকি ইয়াৰ ভিতৰত ৭২ শতাংশ ভুৱা। মুঠ এনে ভুৱা গ্ৰাহকৰ সংখ্যা হৈছে ১১,৩১,১৫২ জন। দৰাচলতে বাস্তৱত তেওঁলোকৰ কাকোৱেই বিচাৰি পোৱা নাযায়।

Apply Now

লগতে পঢ়কঃ অসমৰ পৰা ট্ৰেন্সফৰ্মাৰ লৈ বিহাৰলৈ গৈছিল উত্তৰ প্ৰদেশৰ ট্ৰাক; তালাচীত ওলাই পৰিল জোলোঙাৰ মেকুৰী!

বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়াত এই বিষয় সন্দৰ্ভত সৰৱ হৈছে। তেওঁ অভিযোগ কৰে যে অসমৰ বিজেপি চৰকাৰে কৃষকক ‘প্ৰতাৰণা’ কৰিছে।

মোডী চৰকাৰৰ এই আঁচনিৰ লক্ষ্য হৈছে কৃষকক আৰ্থিকভাৱে সহায় কৰা। কেন্দ্ৰই প্ৰতি বছৰে তিনিটা কিস্তিত মুঠ ৬ হাজাৰ টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰে।

অসম বিধানসভাত দাখিল কৰা কেগৰ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে যে ৰাজ্যত ডাবল ইঞ্জিন প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক জালিয়াতি সংঘটিত হৈছে। ইয়াৰ বাবে দায়ী প্ৰশাসনিক ত্ৰুটি।

কেগে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চলৈকে পি এম কিষানৰ মূল্যায়ন কৰিছিল। এই সময়ছোৱাত ৪১,৮৭,০২৩খন আবেদনৰ ভিতৰত ১০,৬৬,৫৯৩খন (প্ৰায় ২৫ শতাংশ) আবেদন অযোগ্য বুলি ধৰা পৰিছে। দৰাচলতে ২০২০ চনৰ মে’-জুলাই মাহত অসম চৰকাৰৰ তদন্তত প্ৰকাশ পাইছে যে ৩১,২০,৪৩০ অনুমোদিত হিতাধিকাৰীৰ ৩৭ শতাংশই অযোগ্য হোৱাৰ পিছতো পি এম কিষাণৰ ধন লাভ কৰিছিল।

লগতে পঢ়কঃ হোৱাইট হাউছৰ প্ৰথমগৰাকী মহিলা চীফ অফ ষ্টাফ হিচাপে ছুচি ৱাইলছক নিৰ্বাচিত কৰিলে ট্ৰাম্পে

হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উঠিছে যে ভুৱা হিতাধিকাৰী চিনাক্ত হোৱাৰ পিছতো ধন আদায়ৰ কোনো চেষ্টা কৰা নহ’ল। ২০২১ চনৰ অক্টোবৰ মাহলৈকে মাত্ৰ ০.২৪ শতাংশ ধন ঘূৰাই পোৱা হৈছে। কিন্তু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে সেইখিনিও পোৱা নাই। কেগে স্পষ্ট কৰে যে বহু অযোগ্য হিতাধিকাৰী কৃষকেই নহয়। চৰকাৰী কৰ্মচাৰী, আনকি পেঞ্চনাৰৰো সেই তালিকাত নাম আছে।

বৰপেটাকে ধৰি ১১খন জিলাত কেগে মূল্যায়নৰ কাম সম্পন্ন কৰিছে। ইয়াৰ ভিতৰত বৰপেটাতে সৰ্বাধিক ভুৱা হিতাধিকাৰী বা দুৰ্নীতিৰ অভিযোগ আছে। কেগৰ প্রতিবেদন অনুসৰি হিতাধিকাৰীৰ পৰিচয় পৰীক্ষণ আৰু সমগ্র প্রক্রিয়া নিৰীক্ষণত সকলোতে গাফিলতি দেখা গৈছে৷ মুঠ ২২টা ব্লকৰ ৰেকৰ্ড পৰীক্ষা কৰা হৈছে, য’ত মাটিৰ মালিক আৰু কৃষকৰ কোনো তথ্যকোষ বা ডাটাবেচ ৰখা হোৱা নাই।

The misappropriation of funds under the PM-KISAN Yojana flagged by the CAG report is yet another example of mismanagement of the “double-engine” government in Assam. It is unfortunate that only a meagre 0.24% of the whopping ₹567 crores disbursed have been recovered so far.…

— Gaurav Gogoi (@GauravGogoiAsm) November 7, 2024

কিন্তু আটাইতকৈ চিন্তনীয় অভিযোগটো হ’ল বেংক একাউণ্টৰ তথ্যৰ অপব্যৱহাৰ। ১০খন জিলাত একেটা বেংক একাউণ্ট ব্যৱহাৰ কৰি তিনি হাজাৰৰো অধিক হিতাধিকাৰীক নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই গোচৰত ইতিমধ্যে ৯৮জন কৃষি উন্নয়ন বিষয়া জড়িত হৈ পৰিছে। এই বিয়াগোম দুৰ্নীতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৰূপ উদঙাই তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd