• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিৱেশ সংকট! ভাৰতত শগুণ হ্ৰাস পোৱাৰ ফলত কেনেকৈ ৫ লাখ লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 3:06 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত সমগ্ৰ ভাৰতবৰ্ষতে বৃহৎ সংখ্যক শগুণ দেখা গৈছিল। এই বিশেষ শ্ৰেণীৰ চৰাইবোৰে জাবৰৰ দমবোৰৰ ওপৰেৰে আৰু মৃত জীৱ-জন্তুৰ সন্ধানত উৰি ফুৰিছিল। বিমানবন্দৰত উৰাজাহাজ উঠা-নমা কৰোতে শগুণ কেতিয়াবা বিমানৰ ইঞ্জিনত সোমাই পাইলটৰ বাবে বিপদৰ সৃষ্টি কৰাও দেখা গৈছে।

কিন্তু দুই দশকৰো অধিক পূৰ্বে ভাৰতত শগুণৰ মৃত্যু হ’বলৈ ধৰিলে। ইয়াৰ কাৰণ আছিল বেমাৰী গৰুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা একধৰণৰ ঔষধ। বিবিচিৰ  এক প্ৰতিবেদনত এই বিষয়ে বিতং তথ্য প্ৰকাশ পাইছে।

নব্বৈৰ দশকৰ মাজভাগত ভাৰতত ৫ কোটি শগুণ আছিল। তেতিয়াৰ পৰাই সস্তীয়া নন-ষ্টেৰইডেল পেইন কিলাৰ ‘ডাইক্ল’ফেনাক’ পুনৰ গৰু-ম’হৰ চিকিৎসাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হয়। ইয়াত বৃহৎ সংখ্যক শগুণ কমি কমি ক্ৰমান্বয়ে এক প্ৰকাৰৰ শূন্যৰ ঘৰলৈ আহিছিল। এই ঔষধেৰে চিকিৎসা কৰা জীৱ-জন্তুৰ মৃতদেহ খাই অসুস্থ হৈ শগুণৰ মৃত্যু হয়।

Apply Now

এই ঘটনাত চৰকাৰে ২০০৬ চনত গৰু-ম’হৰ চিকিৎসাত ডাইক্ল’ফেনাক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ফলত কিছুমান অঞ্চলত শগুণ কমি অহাৰ প্ৰৱণতা হ্ৰাস পায়। কিন্তু ষ্টেট অফ ইণ্ডিয়া বাৰ্ডছৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দীৰ্ঘকালীনভাৱে কমেও তিনি প্ৰজাতিৰ শগুণৰ ভিতৰত ৯১ৰ পৰা ৯৮ শতাংশই পৰোক্ষভাৱে এই ঔষধৰ বিষক্ৰিয়াৰ বলি হয়।

লগতে পঢ়কঃ প্ৰেম জনমে জনমে, দুৰ্ঘটনাত মৃত্যু ঘটা প্ৰেমিকৰ আত্মাক বিয়া কৰাব যুৱতীয়ে!

ডাইক্ল’ফেনাকৰ ব্যৱহাৰ কেৱল শগুণ হ্ৰাস কৰাতে সীমাবদ্ধ নহয়। এক নতুন গৱেষণা প্ৰতিবেদন অনুসৰি মৃত প্ৰাণীৰ অৱশিষ্ট খাই জীয়াই থকা এই চৰাইবোৰৰ অৱনতিৰ ফলত মাৰাত্মক বেক্টেৰিয়া আৰু সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায়; যিয়ে পাঁচ বছৰত প্ৰায় পাঁচ লাখ লোকৰ মৃত্যুত অৰিহণা যোগায়। ইয়াৰ সৈতে জড়িত এক গৱেষণা প্ৰতিবেদন জাৰ্নেল অৱ দ্য আমেৰিকান ইকনমিক এছ’চিয়েচনত প্ৰকাশ পাইছে।

এই অধ্যয়নৰ সহ-লেখক তথা ইউনিভাৰ্চিটি অৱ চিকাগোৰ হেৰিছ স্কুল অৱ পাব্লিক পলিচিৰ সহকাৰী অধ্যাপক ইয়েল ফ্ৰেংকে কয় যে শগুণক প্ৰকৃতিৰ চাফাইকাৰী বুলি গণ্য কৰা হয়। কাৰণ, পৰিৱেশৰ পৰা মৃত প্ৰাণীৰ বিভিন্ন ক্ষতিকাৰক মৌল আৰু বেক্টেৰিয়াৰ অৱশিষ্ট আঁতৰোৱাত ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শগুণ নাথাকিলে ৰোগবোৰ বিয়পিব পাৰে।

ইয়েল ফ্ৰেংকেও কয়, ‘মানৱ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত শগুণৰ ভূমিকাই বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে। কেৱল আদৰৰ আৰু আকৰ্ষণীয় জীৱ-জন্তুবোৰক সুৰক্ষা দিয়াৰ প্ৰয়োজন নহয়; বৰং সকলো বন্যপ্ৰাণীক সুৰক্ষা দিব লাগিব। আমাৰ পৰিৱেশ তন্ত্ৰত সকলো প্ৰাণীয়ে ভূমিকা পালন কৰে, যিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলায়।’

ইয়েল ফ্ৰেংক আৰু এই অধ্যয়নৰ আন এজন সহ-লেখক অনন্ত সুদৰ্শনে ভাৰতৰ এসময়ত শগুণ সমৃদ্ধ বিভিন্ন জিলাত শগুণৰ হ্ৰাসৰ পূৰ্বে আৰু পিছত মানুহৰ মৃত্যুৰ হাৰ তুলনা কৰিছিল। লগতে ৰেবিজৰ ভেকচিন বিক্ৰী, বন্দী হৈ থকা কুকুৰৰ সংখ্যা আৰু যোগান ধৰা পানীত ৰোগ সৃষ্টিকাৰী জীৱাণুৰ উপস্থিতি পৰীক্ষা কৰে।

লগতে পঢ়কঃ নীতি আয়োগৰ বৈঠকৰ দিনাই মোডীক আক্ৰমণ ষ্টেলিনৰ! প্ৰধানমন্ত্ৰীক উদ্দেশ্যে কি ক’লে?

এই গৱেষকসকলে জানিব পাৰিছে যে পশুধনৰ চিকিৎসাৰ বাবে এন্টি-ইনফ্লেমেটৰী বা বিষনাশক ঔষধৰ বিক্ৰী বৃদ্ধি পোৱাৰ পিছত এসময়ত শগুণ সমৃদ্ধ জিলাসমূহত শগুণৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মানুহৰ মৃত্যুৰ হাৰ ৪ শতাংশতকৈও অধিক বৃদ্ধি পায়।

গৱেষকসকলে শগুণৰ সংখ্যা হ্ৰাস পোৱা আৰু মানুহৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰৱণতা চহৰ অঞ্চলত অধিক হোৱাৰ কথাও প্ৰকাশ কৰিছে। তাত বহুত গৰু আছিল। মৰা জীৱ-জন্তুৰ অৱশিষ্টও আছিল।

এই গৱেষকসকলৰ মতে ২০০০ চনৰ পৰা ২০০৫ চনৰ ভিতৰত ভাৰতত শগুণৰ হ্ৰাসৰ বাবে প্ৰতি বছৰে অতিৰিক্ত এক লাখ লোকৰ মৃত্যু হৈছিল। অকাল মৃত্যুৰ এই গোচৰবোৰৰ ফলত প্ৰতি বছৰে আৰ্থিক লোকচান ৬৯ বিলিয়ন (৬ হাজাৰ ৯ ৯০০ কোটি) ডলাৰতকৈও অধিক হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে ৰোগ আৰু ক্ষতিকাৰক বেক্টেৰিয়াৰ বিস্তাৰৰ বাবে প্ৰতি বছৰে অধিক সংখ্যক লোকৰ মৃত্যু হয়। কিন্তু শগুণবোৰ কমি নাথাকিলে এইবোৰ ৰোগৰ বিস্তাৰ ৰোধ কৰি পৰিৱেশৰ পৰা বেক্টেৰিয়া আঁতৰোৱা সম্ভৱ হ’লহেঁতেন। যেনে, শগুণৰ অৱনতি ঘটিলে পগলা কুকুৰৰ সংখ্যা বৃদ্ধি পায় আৰু মানুহৰ মাজত জলাতংক ৰোগ বিয়পি পৰে।

লগতে পঢ়কঃ জানি ৰখা ভাল! যি ১০ টা ভুলৰ কাৰণে অন্ধকাৰ হ’ব পাৰে আপোনাৰ শিশুৰ ভৱিষ্যত

সেই সময়ছোৱাত ৰেবিজৰ ভেকচিনৰ বিক্ৰী বৃদ্ধি পালে; কিন্তু ইয়াৰ যোগান যথেষ্ট নাছিল। মৃত জীৱ-জন্তুৰ অৱশিষ্ট আঁতৰোৱাত শগুণৰ দৰে ভুমিকা কুকুৰে নলয়। ইয়াত উপযুক্ত অনাময় ব্যৱস্থাৰ অভাৱত যোগান ধৰা খোৱাপানীত বেক্টেৰিয়া আৰু ৰোগ সৃষ্টিকাৰী জীৱাণু বিয়পি পৰে।

ষ্টেট অৱ ইণ্ডিয়াছ বার্ডছৰ প্রতিবেদন অনুসৰি আজি ভাৰতত বর্তমান হোৱা শগুণবোৰে প্রধানকৈ পশুধনৰ পৰিবর্তে সংৰক্ষিত অঞ্চলত থকা বন্য প্রাণীৰ মৃতদেহৰ ওপৰতহে জীয়াই থাকে৷ শগুণৰ অৱনতি অব্যাহত থকাটোৱে এই চৰাইটোৰ প্ৰতি অব্যাহত থকা ভাবুকিৰ ইংগিত দিয়ে। ইয়াৰ উপৰিও শগুণৰ অৱনতিৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত হোৱা নেতিবাচক প্ৰভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলে সকীয়াই দিছে যে পশুধনৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ এতিয়াও শগুণৰ বাবে ডাঙৰ ভাবুকি। পাৰ্শ্বপ্ৰতিক্ৰিয়ামুক্ত পশুধনৰ মৃতদেহ হ্ৰাস পোৱা আৰু বলিয়া কুকুৰৰ সংখ্যা বৃদ্ধিয়ে সমস্যাটোক আৰু অধিক ভয়াৱহ কৰি তুলিছে।

লগতে পঢ়কঃ বিগত পাঁচ বছৰত বিদেশত ৬৩৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু! কোনখন দেশত আটাইতকৈ বেছি?

প্ৰশ্ন হয়, শগুণ আকৌ স্বাভাৱিক সংখ্যালৈ ঘূৰি আহিবনে? উত্তৰ দিয়াটো টান। অৱশ্যে কিছু আশাবাদী লক্ষণ দেখা গৈছে। শেহতীয়াকৈ দক্ষিণ ভাৰতত কৰা এক সমীক্ষাত তিনিশৰো অধিক শগুণৰ উপস্থিতি পোৱা গৈছে। অৱশ্যে এইক্ষেত্ৰত আৰু অধিক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd