সোমবাৰে জৰ্জিয়াৰ সাংবিধানিক আদালতে ৰাষ্ট্ৰপতি চেলোম জোৰাবিচভিলিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ গোচৰ আৰম্ভ কৰাৰ সপক্ষে ৰায় দিয়ে। শেহতীয়াকৈ তেওঁ চৰকাৰী অনুমোদন অবিহনে বিদেশ ভ্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
জৰ্জিয়াৰ সংবাদ মাধ্যমৰ মতে, সাংবিধানিক আদালতৰ মুৰব্বী মেৰাব তুৰাভাই ৰায়দানত কয় যে, “সাংবিধানিক আদালতে এই সিদ্ধান্তত উপনীত হয় যে ৰাষ্ট্ৰপতি চেলোম জোৰাবিচভিলিয়ে ৩১ আগষ্ট, ১ ছেপ্টেম্বৰ আৰু ৬ ছেপ্টেম্বৰত বিদেশ ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমাত প্ৰতিনিধিত্বমূলক ক্ষমতা প্ৰয়োগ কৰি সংবিধান উলংঘা কৰিছিল।”
লগতে পঢ়কঃ ফুটবল খেল চলি থকাৰ সময়তে ব্ৰাছেলছত দুই ছুইডেন নাগৰিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ
তুৰাভাই আৰু কয় যে এই ৰায় চূড়ান্ত আৰু ই আপীল বা পুনৰীক্ষণ যোগ্য নহয়। জৰ্জিয়াৰ সাংবিধানিক আদালতৰ ৰায় প্ৰকাশ পোৱাৰ পৰাই কাৰ্যকৰী হ’ব। ৯ গৰাকী আদালতৰ সদস্যৰ ভিতৰত ছয়গৰাকীৰ সমৰ্থিত এই ৰায়দান জৰ্জিয়াৰ সংসদ, ৰাষ্ট্ৰপতি, চৰকাৰ আৰু উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ’ব।
যোৱা মাহত শাসকীয় জৰ্জিয়ান ড্ৰিম পাৰ্টিৰ মুৰব্বী ইৰাকলি কোবাখিডজে বাৰ্লিন, ব্ৰাছেলছ আৰু পেৰিছ ভ্ৰমণৰ উদাহৰণ দি জোৰাবিচভিলিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ গোচৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল।
লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?
ইয়াৰ পূৰ্বে আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈ জোৰাবিচভিলিয়ে পৰিকল্পিত বিভিন্ন দেশ ভ্ৰমণ জৰ্জিয়া চৰকাৰে অস্বীকাৰ কৰিছিল। জোৰাবিচভিলিয়ে কয় যে ইউৰোপীয় ইউনিয়নৰ প্ৰাৰ্থী হিচাপে দেশখনৰ স্থিতি শক্তিশালী কৰাই তেওঁৰ লক্ষ্য আছিল।





