• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনলৈ উভতিছে কোভিডৰ আতংক! হাস্পাতালৰ আইচিইউ ভৰ্তি; শ্মশানত দীঘলীয়া শাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 3:40 pm
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ দ্বিতীয় ঢৌৱে বিশ্বব্যাপী হাহাকাৰ সৃষ্টি কৰিছিল। ব্যাপক সংক্ৰমণৰ লগতে মৃত্যুৰ তালিকাও আছিল যথেষ্ট দীঘল। শেহতীয়াকৈ চীনত কৰোনাৰ নতুন আতংকই সেই স্মৃতি পুনৰ জাগৃত কৰিছে। সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ আঁৰত আছে কোভিডৰ উপ প্ৰজাতি বিএফ.৭।

যোৱা অক্টোবৰত এই উপ প্ৰজাতিটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দেশবোৰত আধিপত্য বিস্তাৰ কৰিছিল। সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ সংক্ৰমণৰ ৫ শতাংশ এই উপপ্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হৈছিল। ব্ৰিটেইনত হৈছিল ৭.২৬ শতাংশ।

লগতে পঢ়ক: হোৱাইট হাউচ পালেগৈ জেলেনস্কি, সাক্ষাৎ কৰিলে বিডেনক; কি কথা পাতিলে দুই ৰাষ্ট্ৰপতিয়ে?

Apply Now

কোভিডৰ এই প্ৰজাতিটো এইবাৰ চীনতো বিয়পি পৰিছে। ফলস্বৰূপে সংক্ৰমণৰ মাত্ৰা হঠাতে বহুগুণে বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চীনা স্বাস্থ্য বিশেষজ্ঞৰ একাংশই আশংকা কৰিছে যে পৰৱৰ্তী বছৰত ১০লাখতকৈও অধিক লোকৰ মৃত্যু হ’ব পাৰে।

চীনে বিভিন্ন ধৰণৰ অ’মিক্ৰনৰ সৈতে যুঁজিবলৈ ভেকছিনৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ মানদণ্ড উন্নত নকৰাৰ বিষয়টোৱে সেই উদ্বেগ বহুগুণে বৃদ্ধি কৰিছে। ইয়াৰ ফলতে সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰে ।

কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে চীনত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। আইচিইউবোৰ ৰোগীৰে ভৰি পৰিছে। অৱশ্যে চীনে ইয়াক অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিভাগৰ বিষয়া মাইক ৰিয়ানে বুধবাৰে কয়, “চীনে দাবী কৰিছে যে আইচিইউত ভৰ্তিৰ সংখ্যা অতি কম। কিন্তু বাস্তৱত চিকিৎসালয়ৰ আইচিইউবোৰ কোভিড ৰোগীৰে পৰিপূৰ্ণ। মই কোৱা নাই যে চীনে ইচ্ছাকৃতভাৱে আমাক এই তথ্য দিয়া নাই। তেওঁলোকে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’ব পাৰে।”

লগতে পঢ়ক: এইয়া কি পিন্ধিলে নৰেন্দ্ৰ মোডীয়ে!

বাতৰি মতে, বেইজিঙৰ বহু বাসিন্দাই তেওঁলোকৰ আত্মীয়সকলৰ মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানত ভিৰ কৰিছে। তেওঁলোকে তাতো অপেক্ষা কৰিব লগীয়া হৈছে। কাৰণ শ্মশানবোৰোতো দীঘলীয়া শাৰী আছে। কোভিড নিয়ম শিথিল কৰাৰ পিছত চীনত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পাইছে। মৃত্যুও বৃদ্ধি পাইছে। বাতৰি অনুসৰি, বেইজিং, চংকিং আৰু গুয়াংঝৌৰ শ্মশানসমূহত স্বাভাৱিকতকৈ বহু বেছি ভিৰ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd