DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জে ই ই: বন্ধই অসুবিধা দিব পৰীক্ষাৰ্থীক? নৰ্থ ইষ্ট নাও-ত স্পষ্টীকৰণ আছু সভাপতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 6, 2019 10:39 pm
jee

জে ই ইৰ জাননী।

632
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে আছুসহ অসমৰ ৩০টা সংগঠন আৰু নেছ’ই আহ্বান কৰা সমগ্ৰ উত্তৰ-পূব বন্ধতে আছে ইঞ্জিনিয়াৰিঙৰ গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা জে ই ই (Joint Entrance Examination)।

আই আই টি, এন আই টিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিত চলা ভাৰতৰ সকলো অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰে এই যুটীয়া প্ৰৱেশ পৰীক্ষাটো পৰিচালনা কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনস্থ নেচনেল তে’স্তিং এ’জেন্সিয়ে।

লগতে পঢ়ক– আছুলৈ কেন্দ্ৰৰ প্ৰস্তাৱ চিধা প্ৰত্যাখ্যান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়সমূহ দল-সংগঠনে সমৰ্থন কৰা বন্ধটোক লৈ স্বাভাৱিকতে চিন্তিত জে ই ইৰ লগতে আন সকলো পৰীক্ষাৰ্থীকে বন্ধৰ নামত কোনো ধৰণৰ অসুবিধা হ’বলৈ দিয়া নহয় বুলি ঘোষণা কৰিছে আছুৰ শীৰ্ষ নেতৃত্বই।

আছুৰ সভাপতি দীপাংক নাথে দেওবাৰে নৰ্থ ইষ্ট নাও-ক কয়, “আমি অতি অনিশ্চাসত্ত্বেও এই বন্ধ ঘোষণা কৰিবলগীয়া হৈছে। আমি বন্ধৰ পৰা পৰীক্ষা ৰেহাই দিছো। পৰীক্ষাত অৱতীৰ্ণ হওঁতে বা পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে পৰীক্ষাৰ্থীক বাধা দিয়া নহয়।”

একোখনকৈ গাড়ী ভাৰা কৰাটো পৰীক্ষাৰ্থীৰ বাবে কঠিন হোৱাৰ পৰিপ্ৰেক্ষিতত দল বান্ধি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৰ সভাপতিজনে।

“অসুবিধাৰ বাবে আমি দুঃখিত। আমি দুদিনৰ আগতেই বন্ধ ঘোষণা কৰিছো, গতিকে পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ তেওঁলোকৰ ব্যৱস্থা কৰি ল’বলৈ অনুৰোধ জনাইছো। দুখীয়া পৰিয়ালৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ অকলে গাড়ী ভাড়া লৈ নিয়াত অসুবিধা হ’ব। তেওঁলোকে কেইবাজনো লগ লাগি গাড়ী ভাড়ালৈ ল’ব পাৰে,” মন্তব্য নাথৰ।

জাতিৰ সংকটৰ সময়ত উপায়হীন হৈহে বন্ধৰ কাৰ্য্যসূচী লোৱা হৈছে বুলি মন্তব্য কৰি নাথে লগতে জনাই যে চিকিৎসাকে ধৰি সকলো জৰুৰী সেৱা, পানী, গাখীৰকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান, নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন, গোৰ্খা ছাত্ৰ সন্থাৰ সভা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আৰু তেজপুৰত কাৰ্তিক হাজৰিকা নাট সমাৰোহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd