• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ পাছতে বিৰোধীত প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীক ৰাজহুৱা ক্ষমাৰ দাবী বিৰোধী দলপতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2021 6:57 pm
Himanta-Debabrata
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা এক মন্তব্য আছিল যে ‘যিহেতু আমি সকলো জাতি-ধৰ্ম-বৰ্ণৰ মানুহৰ উন্নয়নৰ হকে কাম কৰিম গতিকে ৫ বছৰ বিৰোধীত বহি কি কৰিব? সকলোৱে একেলগে আমাৰ লগত আহি কাম কৰক। সকলো সমষ্টিৰে সম উন্নয়ন কৰিম যিহেতু বিৰোধীত বহি তেওঁলোকৰ কি লাভ হ’ব?’

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ আলম লৈ নৰ্থ ইষ্ট নাওৱে দুটাকৈ বাতৰি পৰিৱেশন কৰিছিল। য’ত নেকি কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মা আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰোধিতা কৰি কটাক্ষ কৰিছিল।

Apply Now

শেহতীয়াকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াইয়ো মুখ্যমন্ত্ৰীৰ এই বক্তব্যক লৈ উভতি ধৰি তেওঁক ৰাজহুৱা ক্ষমা খোজাৰ দাবী তুলিছে।

আজি সংবাদ মাধ্যমৰ আগত দেবব্ৰত শইকীয়াই কয়, ‘গণতন্ত্ৰত এনেধৰণৰ অগণতান্ত্ৰিক মন্তব্য কৰা মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছো। আশা কৰো ইয়াক লৈ তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব।‘

ইপিনে, এনে ধৰণৰ মন্তব্য দিয়াটো মুখ্যমন্ত্ৰীৰ ভাৰতীয় গণতন্ত্ৰ, ভাৰতীয় সংবিধানৰ প্ৰতি যে  নূন্যতম আস্থাও নাই এই কথাই প্ৰতীয়মান কৰিছে বুলি বিৰোধী দলপতি শইকীয়াই দাবী কৰে।

বিৰোধী দলৰ এজন বিধায়ক তথা বিৰোধী দলৰ দলপতি হিচাপে এই মন্তব্য শইকীয়াই নস্যাৎ কৰে।

তেওঁ আৰু কয়, ‘আমাৰ সংবিধানত বিৰোধীৰ ভূমিকা স্পষ্টভাৱে উল্লেখ আছে আৰু সেই ভূমিকা লোৱাত কংগ্ৰেছ দলে বিৰোধী পক্ষক পূৰ্বৰে পৰা সহযোগিতা কৰি আহিছে। ভাৰত বৰ্ষত জনসংঘ আৰু পিছত ভাৰতীয় জনতা পাৰ্টীয়ে এটা সময়ত সংসদত এটা-দুটা আসনৰ পৰা গৈ আজি ভাৰতবৰ্ষত শাসন কৰিব পাৰিছে।‘

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাব বিচাৰিছে নে প্ৰাইভেট কোম্পানী চলাব বিচাৰিছে? মুখ্যমন্ত্ৰীক উভতি ধৰিলে মীৰা বৰঠাকুৰে

‘মাজতে ১৩০ জন আৰু কেতিয়াবা তাতকৈ কম আৰু কেতিয়াবা বেছি আসন পাইছিল। ৩৭ শতাংশ ভোট সৰ্বভাৰতীয় হিচাপে পোৱাৰ পিছত কিন্তু সংসদত ৩০০ তকৈ অধিক সাংসদ লৈ আজি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰিছে। এইখিনি কংগ্ৰেছ দলে গণতান্ত্ৰিক পৰম্পৰা, গণতন্ত্ৰক ধৰি নৰখা হ’লে এইখিনি কথা কবলৈ ভাৰতীয় জনতা পাৰ্টীৰ কোনো অস্তিত্বই নাথাকিল হয় ভাৰতবৰ্ষত।‘ শইকীয়াই এক উদাহৰণ দি এইদৰে কয়।

গতিকে এনে ধৰণৰ মন্তব্য কৰি বিৰোধীক সমালোচনা কৰাটো উচিত নহয় বুলি শইকীয়াই সদৰী কৰে।

তেওঁ লগতে কয়, ‘আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক ভাৰতীয় জনতা পাৰ্টীয়ে যেনে ধৰনে ধ্বংস কৰিব বিচাৰিছে, সেইখিনিৰ বিৰুদ্ধে কংগ্ৰেছ দলে অহৰ্নিশে যুদ্ধ দি আহিছে। কংগ্ৰেছ দলে বিধানসভাৰ ভিতৰত হওক, বিধানসভাৰ বাহিৰত হওক এই কামখিনি কৰি আহিছো।‘

‘বিৰোধীৰ মূল ভূমিকা চৰকাৰক গঠনমূলক সমালোচনা কৰা আৰু চৰকাৰে একক ভাবে যিকোনো ধৰণৰ জনস্বাৰ্থ বিৰোধী কাম কৰিলে তাৰ প্ৰতিবাদ কৰা, জনগণৰ অধিকাৰ আৰু স্বাধীনতাক ৰক্ষা কৰা তথা ৰাইজৰ যি মতামত সেইখিনিও চৰকাৰৰ ওচৰত পঠাই প্ৰকাশ কৰে।‘ শইকীয়াই এইদৰে কয়।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বিৰোধী হিচাপে চৰকাৰক উনুকিয়াই দিয়া কেইটামান দিশ উদাহৰণ হিচাপে দাঙি ধৰে শইকীয়াই।

লগতে পঢ়ক: সুস্থ গণতন্ত্ৰত প্ৰয়োজন নাই নেকি সক্ৰিয় বিৰোধীৰ? মুখ্যমন্ত্ৰীৰ ‘তুলুঙা’ বক্তব্যই সূচাইছে কি?

তেওঁ উদাহৰণ দি কয়, ‘বিৰোধীয়ে ব্ৰহ্মপুত্ৰ উপনৈ খনন কৰি বান নিয়ন্ত্ৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক বিজেপি দল তথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি আজি সাত বছৰ সময় হৈ গ’ল ইয়াৰ কিন্তু কোনো কাম কৰা হোৱা নাই এই কথাও আমি সদনত বাহিৰে–ভিতৰে যোৱা সময়চোৱাত আঙুলিয়াই আহিছো। অনুৰূপ ধৰণে অসম চুক্তি আখৰে আখৰে তথা আত্মা সহিতে ৰূপায়ন কৰিম বুলি তেখেত সকলে ভিজনডকুমেণ্টত তিনিটাকৈ পৃষ্ঠাত উল্লেখ কৰিছিল। কিন্তু ‘কা’ আনি যেতিয়া অসম চুক্তিৰ আত্মাক আঘাত দিব বিচাৰিছিল তেতিয়াও আমি সজোৰে প্ৰতিবাদ কৰিছো।‘

তেওঁ পুনৰ কয়, ‘২০১৯ চনতে অসমত মাইক্ৰ’ফাইনেন্সে কৰা ব্যাভিচাৰৰ বিষয়ে বিধানসভাত প্ৰসংগ উত্থাপন কৰিছিলো আৰু এতিয়া চৰকাৰে এই মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰূপে ৰেহাই দিম বুলি কোৱাৰ পিছত বিভিন্ন অচিলা লৈ ইয়াৰ এটা মাত্ৰ নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক ইছু বুলি কৰা ঘোষণা বুলি প্ৰতিবাদ কৰি আহিছো। কাৰণ মুখ্যমন্ত্ৰীয়ে বিধানসভাত সকলো ঋণ ৰেহাই দিয়া হ’ব বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল।‘

মুখ্যমন্ত্ৰীয়ে কালি ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক লৈ কৰা বিৰোধীক উপুলুঙাসূচক মন্তব্য কৰাৰ পাছতে বিৰোধী মহলত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd