• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূজাৰ ভিৰৰ সময়ত যাত্ৰীৰ সুবিধাৰ্থে কেইখনমান পূজা বিশেষ ৰে’ল চলাব উত্তৰ-পূব সীমান্ত ৰে’লৱেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 7:26 pm
91
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক পূজাৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে আৰু কেইখনমান পূজা বিশেষ ৰে’ল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূজা বিশেষ ৰে’লসমূহ কামাখ্যা– শিয়ালদহ- কামাখ্যা আৰু নিউ জলপাইগুড়ী– হাওড়া– নিউ জলপাইগুড়ীৰ মাজত চলিব।

সুবিধা পূজা বিশেষ ৰে’ল নং ৮২৩১৩ (শিয়ালদহ-কামাখ্যা) ৰে’লখনে এটা ট্ৰিপৰ বাবে ৩০ছেপ্টেম্বৰ, ২০২২ (শুক্ৰবাৰে) ২৩.৫০বজাত শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৭.৪৫বজাত গোৱালপাৰা টাউন হৈ কামাখ্যাত উপস্থিত হবগৈ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা: খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, থিতাতে নিহত পাঁচ যাত্ৰী

উভতনি যাত্ৰাৰ দিশত, সুবিধা পূজা বিশেষ ৰে’ল নং ৮২৩১৪ (কামাখ্যা-শিয়ালদহ) ৰে’লখন এটা ট্ৰিপৰ বাবে ০১ অক্টোবৰ, ২০২২ (শনিবাৰে) কামাখ্যাৰ পৰা ২৩.১৫ বজাত যাত্ৰা আৰম্ভ কৰি গোৱালপাৰা টাউন হৈ পিছদিনা ২২.৪০বজাত শিয়ালদহত উপস্থিত হবগৈ।

সুবিধা পূজা বিশেষ ৰে’ল নং ৮২৩০১ (হাওড়া–নিউ জলপাইগুড়ী) ৰে’লখনে ১ টা ট্ৰিপৰ বাবে ০৫ অক্টোবৰ, ২০২২ (বুধবাৰে) ২৩.৪০বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১০.১০বজাত নিউ জলপাইগুড়ীতগৈ উপস্থিত হ’বগৈ।

 উভতনি যাত্ৰাৰ দিশত, সুবিধা পূজা বিশেষ ৰে’ল নং ৮২৩০২ (নিউ জলপাইগুড়ী – হাওড়া) ৰে’লখনে ১ টা ট্ৰিপৰ বাবে ০৬ অক্টোবৰ, ২০২২ (বৃহস্পতিবাৰে) ১২.৩৫ বজাত নিউ জলপাইগুড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ০০.৫০বজাত হাওড়াত গৈ উপস্থিত হ’বগৈ।

পূজা বিশেষ ৰে’ল নং ০৩০২৭ (হাওড়া– নিউ জলপাইগুড়ী) ৰে’লখনে আঠটা ট্ৰিপৰ বাবে ১২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২২ লৈ প্ৰত্যেক বুধবাৰে ২৩.৪০বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা ১০.১০বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’বগৈ।

উভতনি যাত্ৰাৰ দিশত, পূজা বিশেষ ৰে’ল নং ০৩০২৮ (নিউ জলপাইগুড়ী – হাওড়া) ৰে’লখনে আঠটা ট্ৰিপৰ বাবে ১৩ অক্টোবৰৰ পৰা ১ ডিচেম্বৰ, ২০২২ তাৰিখলৈ নিউ জলপাইগুড়ীৰ পৰা ১২.৩৫বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০০.৫০বজাত হাওড়াতগৈ উপস্থিত হ’বগৈ।

লগতে পঢ়ক: আৰু কিমান প্ৰমাণ লাগে?-মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ডি ৱাই এফ আইৰ মুকলি প্ৰশ্ন

এচি পূজা বিশেষ ৰে’ল নং ০৩১৭৩ (শিয়ালদহ –কামাখ্যা) ৰে’লখন আঠটা ট্ৰিপৰ বাবে ০৭ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰ, ২০২২ লৈ প্ৰত্যেক শুক্ৰবাৰে ২৩.৫০বজাত শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ১৭.৪৫বজাত গোৱালপাৰা টাউন হৈ কামাখ্যাত গৈ উপস্থিত হবগৈ।

উভতনি যাত্ৰাৰ দিশত, এচি পূজা বিশেষ ৰে’ল নং ০৩১৭৪ (কামাখ্যা -শিয়ালদহ) ৰে’লখনে আঠটা ট্ৰিপৰ বাবে ০৮অক্টোবৰৰ পৰা ২৬নৱেম্বৰ, ২০২২লৈকে প্ৰত্যেক শনিবাৰে ২৩.১৫বজাত কামাখ্যাৰ পৰা গোৱালপাৰা টাউন হৈ যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ২২.৪০বজাত শিয়ালদহত গৈ উপস্থিত হ’বগৈ।

উভয় দিশৰ যাত্ৰাৰ সময়ত সমস্ত পূজা বিশেষ ৰে’ল বান্দেল, আজিমগঞ্জ, মালদা টাউন আৰু কিষাণগঞ্জ হৈ চলাচল কৰিব।

ইয়াৰ উপৰিও, বিদ্যমান গঠন, সময় আৰু ষ্টপেজৰ সৈতে আৰু সাতটা ট্ৰিপৰ বাবে ০৮০৪৮/০৮০৪৭ (নিউ জলপাইগুড়ী– সাঁতৰাগাছি জংচন- নিউ জলপাইগুড়ী)ৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি জংচন– নিউ জলপাইগুড়ী) ১৬ছেপ্টেম্বৰৰ পৰা ২৮অক্টোবৰ, ২০২২লৈ সাঁতৰাগাছি জংচনৰ পৰা প্ৰস্থান কৰিব। সেইদৰে, ৰে’ল নং ০৮০৪৮ (নিউ জলপাইগুড়ী– সাঁতৰাগাছি জংচন) ৰে’লখনে ১৭ছেপ্টেম্বৰৰ পৰা ২৯অক্টোবৰ, ২০২২লৈ নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰিব।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ক’লে, ’৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো’

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd