PM Modi releases commemorative coins of ₹100 দিল্লীত অনুষ্ঠিত হৈছে ৯০ সংখ্যক ইণ্টাৰপোলৰ সাধাৰণ সভা। অধিৱেশনখন স্মৰণীয় কৰি তুলিবলৈ কেন্দ্ৰই ১০০ টকাৰ স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰিছে। মুদ্ৰা আৰু ডাকটিকট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই মুকলি কৰে।
বাতৰি অনুসৰি, পিছত নতুন দিল্লীৰ প্ৰগতি ময়দানত ইণ্টাৰপোলৰ ৯০সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই
উল্লেখ্য যে এইবাৰ দিল্লীত ইণ্টাৰপোলৰ ৯০সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। অধিৱেশনখন ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব। ১৯৫ খন দেশে অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰী, আৰক্ষী মুৰব্বী, ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰো প্ৰধান আৰু বিভিন্ন দেশৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে বৈঠকত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০০ টকাৰ মুদ্ৰা উদ্বোধন কৰে যদিও ইয়াক ৰাজহুৱাভাৱে মুকলি কৰা নাই। অৱশ্যে এই মুদ্ৰাটোৰ এটা ফালে অশোক স্তম্ভ আৰু ইয়াৰ তলত ১০০ লিখা আছে।
লগতে পঢ়ক:‘প্ৰধানমন্ত্ৰী দৰাচলতে ধৰ্ষণকাৰীসকলৰ সৈতে আছে!’-কাৰ অভিযোগ?
ইণ্টাৰপোলৰ অন্তিম বৈঠক ১৯৯৭ চনত ভাৰতত অনুষ্ঠিত হৈছিল। অৰ্থাৎ ২৫ বছৰৰ পিছত ভাৰতত পুনৰ এইবাৰ এই বৈঠক অনুষ্ঠিত হৈছে। দেশত স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপনৰ কথা মনত ৰাখি এই বছৰৰ বৈঠকখন ভাৰতত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত অনুমোদন পাইছিল।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে এই অনুষ্ঠানটো দেশৰ আইন-শৃংখলাৰ উৎকৰ্ষতা বিশ্বৰ ওচৰত প্ৰদৰ্শন কৰাৰ এক সোণালী সুযোগ।