• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰৱৰ্তী সভাপতি হ’ব নেকি সঞ্জয় যোশী? সংঘৰ কৌশলক লৈ বিপাঙত মোডী-শ্বাহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2024 1:17 pm
বিজেপিৰ পৰৱৰ্তী সভাপতিৰ  সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত সঞ্জয় যোশী।

বিজেপিৰ পৰৱৰ্তী সভাপতিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত সঞ্জয় যোশী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী-শ্বাহৰ বাবে চিন্তা বাঢ়িছে! কিয়নো কেইদিনমানৰ পিছত ঠিক হ’বলৈ গৈ আছে বিজেপিৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰপতিৰ নাম। বিজেপিৰ পৰৱৰ্তী সভাপতি নিৰ্বাচনক লৈ দলত আলোচনা আৰম্ভ হৈছে। সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত সঞ্জয় যোশী আৰু বসুন্ধৰা ৰাজে সিন্ধিয়াৰ নাম আহিছে।

দুয়োজনেই আৰ এছ এছৰ ‘প্ৰিয় পাত্ৰ’ বিজেপিৰ দীৰ্ঘদিনীয়া সদস্য আৰু দলৰ সাংগঠনিক গাঁথনিত বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে। কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যিক পৰ্যায়তো তেওঁলোকৰ জনপ্ৰিয়তা আৰু অভিজ্ঞতা দলৰ বাবে অতি মূল্যৱান হিচাপে বিবেচিত হৈ আছে।

সঞ্জয় যোশী বিজেপিৰ অন্যতম পুৰণি সদস্য আৰু দলটোৰ সাংগঠনিক পৰ্যায়ত এজন অতি দক্ষতাসম্পন্ন নেতা হিচাপে পৰিচিত। কিন্তু গুজৰাটৰ নেতা হিচাপেও ৰাজনৈতিক মহলত তেওঁ মোডী বিৰোধী হিচাপে পৰিচিত।

Apply Now

বিজেপিৰ দুই শীৰ্ষ নেতা নৰেন্দ্ৰ মোডী আৰু সঞ্জয় যোশীৰ মাজত দীৰ্ঘদিনীয়া দ্বন্দ্ব অজ্ঞাত নহয়। এই সংঘাত গুজৰাটত বিজেপিৰ সাংগঠনিক দিনৰ পৰাই আৰম্ভ হৈছিল। নব্বৈৰ দশকত বিজেপিৰ সংগঠনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা সঞ্জয় যোশী মোডীৰ ঘনিষ্ঠ সহযোগী আছিল। কিন্তু ৰাজনৈতিক কৌশল আৰু ক্ষমতাৰ দ্বন্দ্বৰ ফলত সম্পৰ্কত তিক্ততা আহে। বিশেষকৈ ২০০১ চনত নৰেন্দ্ৰ মোডীক গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যোশীৰ সৈতে তেওঁৰ মতানৈক্য স্পষ্ট হৈ পৰে।

লগতে পঢ়কঃ আৰক্ষীৰ স্ক্যানাৰত লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল; আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ

মোডী আৰু যোশীৰ মাজত মতানৈক্যৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল ৰাজনৈতিক মতাদৰ্শ আৰু কৌশলৰ পাৰ্থক্য। মোদীয়ে উন্নয়নমুখী আৰু জনমুখী ৰাজনীতিত বিশ্বাস কৰাৰ বিপৰীতে সঞ্জয় যোশীয়ে সদায় দলৰ সাংগঠনিক অনুশাসন আৰু মতাদৰ্শগত দিশক অগ্ৰাধিকাৰ দি আহিছে। এই মতানৈক্যৰ বাবে দলৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকৰ মাজত কেইবাবাৰো সংঘাত হয়।

২০০৫ চনত কনক্লেভত যোশীৰ বিৰুদ্ধে এখন বিতৰ্কিত চিডি মুক্তি পোৱাৰ পিছত তেওঁ পদত্যাগ কৰিবলগীয়া হৈছিল। পিছত যদিও তেওঁক দোষমুক্ত কৰা হয়,  তেতিয়ালৈকে মোডী-যোশীৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটে। মোডীৰ মতে যোশীৰ কৌশল আৰু নীতিগত স্থিতিয়ে দলটোৰ আধুনিকীকৰণত বাধাৰ সৃষ্টি কৰিছে, আৰু সেইবাবেই তেওঁক কেন্দ্ৰীয় পৰ্যায়ত ডাঙৰ দায়িত্ব দিয়া হোৱা নাই।

ইপিনে, সঞ্জয় যোশীয়ে দলৰ প্ৰতি আনুগত্যশীল হৈ আছে যদিও মোডীৰ সৈতে তেওঁৰ অৱনত সম্পৰ্কৰ বিষয়ে দলৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰিছে। ২০১৩ চনত যোশীয়ে মোডীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিব পৰা নাছিল। এতিয়া এটা দশকৰ পাছত আৰ এছ এছে সেই সঞ্জয় যোশীকে সম্ভাৱ্য সভাপতি হিচাপে আগবঢ়াই দি তেওঁলোকে মোডী-শ্বাহৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি ভাৱে ৰাজনৈতিক বিশেষজ্ঞসকলে।

আনহাতে, বিগত এক দশক ধৰি ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও ক্ষমতাৰ পৰা আঁতৰত আছে। ৰাজপুত-ভূমিৰ অতি জনপ্ৰিয় এই নেত্ৰীগৰাকীক যোৱা বিধানসভা নিৰ্বাচনত কাৰ্যতঃ একাষৰীয়া কৰি ৰাখিছিল মোডী-শ্বাহ বাহিনীয়ে। অচিনাকি ভজনলাল শৰ্মাক তেওঁৰ সলনি মুখ্যমন্ত্ৰী পতা হ’ল। ই কেৱল বসুন্ধৰাকে নহয়, এনে সিদ্ধান্তত নাগপুৰৰ সংঘও অতিশয় ক্ষুব্ধ হৈ পৰিছিল। সেয়ে, সেই সকলোবোৰ হিচাপ সন্মুখত ৰাখিয়েই আৰএছএছে আগবাঢ়িছে।

লগতে পঢ়কঃ বিজেপি নেতাৰ পুত্ৰৰ BMW গাড়ীৰ খুন্দাত নিহত ব্যক্তি, পলাতক পিতৃ-পুত্ৰ; ক্ষোভ যোগীৰাজ্যত

কোৱা বাহুল্য যে যোৱা দহ বছৰত মোডী-শ্বাহৰ যুটিটো অপ্ৰতিৰোধ্য হৈ পৰিছিল। ৰাজনৈতিকভাৱে সেইবোৰ চম্ভালিবলৈ আৰ এছ এছৰ বাবে কঠিন হৈ পৰিছিল। আনকি লোকসভা নিৰ্বাচনৰ পূৰ্বেও জে পি নাড্ডাৰ “আৰ এছ এছ অবিহনে বিজেপি জীয়াই থাকিব পাৰে”ৰ দৰে মন্তব্যই নাগপুৰক ক্ষুব্ধ কৰি তুলিছিল। সেয়ে বিগত নির্বাচনত মোডীৰ হৈ সাংগঠনিক কামত অংশ লোৱা নাছিল সংঘৰ সদস্যসকলে৷ মোডী-শ্বাহ বাহিনীয়ে তাৰ ফলাফলো লাভ কৰিলে। সংখ্যাগৰিষ্ঠতা হেৰুৱাই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লগা হয়। সেয়ে এইবাৰ নিয়ন্ত্ৰণ শিথিল কৰিব বিচৰা নাই নাগপুৰে।

জানিব পৰা মতে, অহা বৃহস্পতিবাৰৰ ভিতৰত দেশৰ সকলো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা এই দুই নেতাৰ নামত সমৰ্থন আশা কৰিছে মোহন ভাগৱতৰ সংঘই। ৰাজনৈতিক বিশেষজ্ঞসকলৰ ধাৰণা যে সেয়া নহ’লে আৰ এছ এছ আৰু মোডী-শ্বাহৰ বিজেপিৰ মাজত পোনপটীয়া সংঘাত আৰম্ভ হ’ব পাৰে। তেনেকুৱা হ’লে, ভৱিষ্যতে মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে সমস্যা হ’ব পাৰে মোডীৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd