• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ নতুন দিল্লীত আয়োজন কৰা হ’ব বিহু নৃত্য :  মুখ্যমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 8:00 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত আয়োজিত এক অনুষ্ঠানত এখন বাকৰিত আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰ বিশ্ব অভিলেখ গঢ়াত অংশ লোৱা ডিব্ৰুগড় জিলাৰ বিহুৱা আৰু বিহুৱতীসকলক প্ৰমাণপত্ৰ আৰু সন্মান প্রদান কৰে।

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে চলিত বৰ্ষৰ ১৩ এপ্ৰিলত অসমৰ বিহুৱা আৰু বিহুৱতীসকলে একত্ৰিতভাৱে অসমৰ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৪ এপ্ৰিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিহু প্রত্যক্ষ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেইদিনা অসম তথা ভাৰতৰ প্ৰতিটো টেলিভিশ্যন চেনেলে ইয়াক সম্প্ৰচাৰ কৰিছিল। 

Apply Now

তেওঁ লগতে কয় যে চীন, ইউৰোপৰ দেশকে ধৰি বিদেশত বহু ৰাষ্ট্ৰ সংবাদ মাধ্যমত বিহুৰ বিষয়ে প্রকাশ পাইছিল। ইয়াৰ লগে লগে প্রবাসী অসমীয়া সকলে বিহুক লৈ গৌৰৱ কৰিব পাৰিছিল বুলিও তেওঁ কয়। ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে গুৱাহাটীত একেলগে নৃত্য পৰিৱেশন কৰাটো এক উজু বিষয় নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানে পৰৱৰ্তী পৰ্যায়ত বৃহৎ পৰিসৰত বিহু নৃত্য পৰিৱেশনৰ বাবে এক পৰিৱেশ নিমণি কৰিলে। তেওঁ কয় যে অসমীয়া মানুহৰ নিজস্ব যে সাজ-পোছাক আছে সেই কথা এই অনুষ্ঠানৰ জৰিয়তে বিশ্ববাসীক অসমে দেখুৱালৈ সক্ষম হৈছিল। ঢুলীয়া সকলে আন এক ৰেকৰ্ড গঢ়ি তুলিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষ তথা বিশ্বৰ মানুহে ঢোল আৰু পেপীৰ যে সুকীয়া সৌৰভ আছে এই কথা পূৰ্বে উপলব্ধি কৰিব পৰা নাছিল। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ সংস্কৃতিৰ বল আৰু শক্তি আছে। ইয়াক ইমান দিনে বিশ্বৰ দৰবাৰলৈ লৈ যোৱা হোৱা নাছিল বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লোৱাৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ডিঙিত গামোচা লোৱা দেখিবলৈ পোৱা যায়। এতিয়া গামোচাঅকল অসমীয়া মানুহে ডিঙিত নলয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া সংস্কৃতি ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছে। তেওঁ কয় যে দুই তিনি বছৰ এনেদৰে বিহুৰ আয়োজন কৰিলে ভাৰতৰ অন্যান্য নৃত্যৰ দৰে বিহুকো প্ৰশিক্ষণ দিয়া আৰম্ভ হ’ব। অসমৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ লৈ গৈ বিহুৰ প্ৰশিক্ষণ আৰম্ভ হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনৰ ভিতৰত ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ নতুন দিল্লীত এনেধৰণৰ অনুষ্ঠান আয়োজনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ কয় যে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব।

 

নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠান আয়োজনৰ পিছতে বীৰ লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্রকাশ কৰা হৈছে। এই গ্ৰন্থখন ভাৰতবৰ্ষৰ প্রতিটো ভাষাতে অনুবাদ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে প্রত্যেকখন ৰাজ্যত গৈ সেই গ্ৰন্থখন উদ্বোধন কৰাৰ লগতে প্ৰত্যেকখন ৰাজ্যতে যাতে লাচিত বৰফুকন সম্পৰ্কীয় বিষয় পাঠ্যপুথিত সন্নিবিষ্ট হয়, সেই বিষয়ত ৰাজ্য চৰকাৰে প্রচেষ্টা চলাই আহিছে। তেওঁ কয় যে যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মণিৰ পদক্ষেপ লোৱা হৈছে। সেই বৃহৎ প্ৰতিমূৰ্তি সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতবৰ্ষৰ প্রথম তিনিটা প্রতিমূৰ্তিৰ ভিতৰত স্থান লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ গাঁৱে-ভূঞে ক্রীড়া আৰু সংস্কৃতিক লৈ এক নতুন পৰিৱেশ নিৰ্মণি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে। তেওঁ কয় যে প্রতিখন গাঁৱতে বিহুৰ এটি দল গঠন কৰা৷ হ’ব। তেওঁলোকে গাওঁ পঞ্চায়তত আহি প্রতিযোগিতাত অংশ ল’ব। পাঁচটা বিষয়ক লৈ এই প্রতিযোগিতাৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে গাওঁ পঞ্চায়তৰ পৰা সমষ্টি ভিত্তিত আৰু পৰৱৰ্তী পৰ্যায়ত জিলা ভিত্তিত এই প্রতিয়োগিতা আয়োজন কৰা হ’ব। ইয়াৰ পিছত ৰাজ্যিক ভিত্তিত এক সাংস্কৃতিক উৎসৱ আয়োজন কৰি প্ৰতিখন জিলাৰ ভিতৰত প্রতিযোগিতা আয়োজন কৰা হ’ব বুলিও তেওঁ কয়। এই প্ৰচেষ্টাত দুই লাখতকৈও অধিক ল’ৰা-ছোৱালীক অসমৰ সংস্কৃতিৰ লগত জড়িত কৰিব বিচাৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে আধুনিকতাৰ মাজতো অসমৰ ল’ৰা-ছোৱালীয়ে নিজস্ব পৰম্পৰা, সংগীত হেৰুৱাই নেপেলাই তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে অসমৰ প্ৰতিখন গাঁৱতে খেলৰ বাবে দল গঠন কৰা হ’ব। এই দলে পঞ্চায়ত, সমষ্টি, জিলা আৰু শেষত ৰাজ্যিক ভিত্তিত প্রতিয়োগিতা অংশগ্ৰহণ কৰিব। খেল মহাসংগ্ৰাম আৰু সাংস্কৃতিক মহাৰণ এই নামেৰে দুটা অনুষ্ঠান আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ল’ৰা-ছোৱালী বিপথে পৰিচালিত হোৱাৰ পৰিৱৰ্তে আমাৰ বাপতি সাহোন কৃষ্টি আৰু সাংস্কৃতিক জীয়াই ৰখাৰ বাবে নিজকে জড়িত কৰিব পাৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমক এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিলে যুৱক-যুৱতীসকলক গঠনমূলক কামত জড়িত কৰি ৰাখিব লাগিব। তেওঁ কয় যে অতি স্বচ্ছ ভাৱে নিয়োগ প্রক্ৰিয়া হোৱা বাবে দুখীয়া ল’ৰা-ছোৱালীকে ধৰি সকলোৰে মনত এক উৎসাহ আৰু আনন্দ হৈছে। তেনে উৎসাহ আৰু আনন্দই অসমখনক এক নতুন পৰিচয় দিছে। তেওঁ কয় যে অহা ২ অক্টোবৰত একেদিনাই অসমত ১ কোটি গছপুলি ৰোপণ কৰা হ’ব। এই গছপুলিয়ে পাঁচ বছৰ পিছত পৰিয়ালক বাণিজ্যিক উৎপাদন দিব।

তেওঁ কয় যে যোৱা ১৩ আৰু ১৪ এপ্ৰিলত অসমীয়া বিহুক যিদৰে বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰা হ’ল সেই কথা অসমীয়া জাতিয়ে সদায়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। আজিৰ এই অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ দণ্ডৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, চক্ৰধৰ গগৈ, তেৰচ গোৱালা, উপায়ুক্ত বিশ্বজিৎ পেণ্ড, পদ্মত্ৰী হেমপ্ৰভা চুতীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd