তীব্ৰ বোমাবৰ্ষণৰ মাজতে গাজাত ইজৰাইলৰ বাহিনীয়ে ব্যাপক ৰূপত স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলে স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশাৰ পৰা বিমান আক্ৰমণ বৃদ্ধি কৰাৰ লগতে স্থল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।
ইপিনে, ইজৰাইলৰ বাহিনীক সৰ্ব শক্তিৰে প্ৰতিহত কৰিব বুলি ঘোষণা কৰিছে পেলেষ্টাইনৰ প্ৰতিৰোধী সংগঠন হামাছে।
শনিবাৰে পুৱা হামাছৰ সামৰিক শাখা কাছাম ব্ৰিগেডে এক বিবৃতিত কয় যে উত্তৰ গাজাৰ বেইট হানৌন আৰু বুৰেজৰ সমীপত তীব্ৰ সংঘৰ্ষ চলি আছে।
লগতে পঢ়কঃ লুইষ্টন চহৰত ১৮ জন লোকক গুলীয়াই হত্যা কৰা আমেৰিকান সেনা প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ
বিবৃতিটোত লগতে কোৱা হৈছে যে আল-কাছাম ব্ৰিগেড আৰু সকলো পেলেষ্টাইনী প্ৰতিৰোধ বাহিনী ইজৰাইলৰ আগ্ৰাসনক সম্পূৰ্ণ শক্তিৰে মোকাবিলা তথা প্ৰতিহত কৰিবলৈ সাজু।
আনহাতে, উপৰ্যুপৰি বোমা আক্ৰমণৰ ফলত গাজাৰ মোবাইল আৰু ইণ্টাৰনেট ব্যৱস্থা ব্যাহত হৈছে। ঘন জনবসতিপূৰ্ণ এই উপত্যকাটো বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।
গাজাত নিশা বিমান আক্ৰমণৰ ফলত পেলেষ্টাইনী উপত্যকা আন্ধাৰত ডুব যায়। বাতৰি অনুসৰি শুকুৰবাৰে নিশা বিমান আক্ৰমণ পূৰ্বৰ দিনতকৈ অধিক তীব্ৰতৰ আছিল। ইজৰাইলৰ ইমান শক্তিশালী আক্ৰমণ ত্ৰিমুখী অভিযানৰ অংশ নেকি সেই বিষয়ে টেল আভিভে স্পষ্ট কৰা নাই।
লগতে পঢ়কঃ ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস
পেলেষ্টাইনী ৰেড ক্ৰীচেণ্ট ছ’চাইটিৰ সঞ্চালক মাৰৱান জিলানীয়ে অধিকৃত পশ্চিম প্ৰান্তৰ ৰামাল্লাহৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে, স্বাস্থ্য কৰ্তৃপক্ষই গাজাত তেওঁলোকৰ দলৰ সৈতে প্ৰায় দুঘণ্টা পূৰ্বে সকলো যোগাযোগ হেৰুৱাই পেলাইছিল। ৰাষ্ট্ৰসংঘৰ শিশু ন্যাস ইউনিচেফ আৰু আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা একচনএইডেও গাজাত কৰ্মৰত কৰ্মচাৰীৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱা বুলি জনায়।
বাতৰি অনুসৰি, গাজাৰ মানৱীয় পৰিস্থিতি বহু পৰিমাণে অৱনতি ঘটিছে। ইয়াৰ ২৩ লাখ লোক এতিয়া বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। আত্মীয় বা ইজনে সিজনৰ লগত যোগাযোগ কৰিবলৈ অক্ষম হৈ পৰিছে।
লগতে পঢ়কঃমাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ
ইপিনে, ইজৰাইলৰ সেনাই গাজাত পূৰ্বতকৈ অধিক তীব্ৰ বোমাবৰ্ষণ আৰম্ভ কৰিছে। অধিকাংশ বোমা বিস্ফোৰণ বিমানৰ পৰা সংঘটিত হয়। ইয়াৰ উপৰিও শুকুৰবাৰে নিশাৰ পৰা ইজৰাইলৰ স্থল বাহিনীয়ে গাজাত ব্যাপক অভিযান আৰম্ভ কৰিছে।