মহান সুদক্ষিণা শৰ্মা! চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গ’ল নিজৰ শৰীৰ

অসমীয়া সংগীত থকা সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই নেদেখা দেশলৈ গুচি গ’ল জ্যেষ্ঠ সংগীত শিল্পী সুদক্ষিণা শৰ্মা। সুধাকন্ঠ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মা আছিল অসমীয়া সংগীত জগতৰ ভোটাতৰা সদৃশ।

দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা ৮.২৫ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেওঁ নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে মৃত্যুৰ পিছত চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে নিজৰ শৰীৰটো মৰণোত্তৰভাবে দান কৰি গ’ল সুদক্ষিণা শৰ্মাই। জীৱিত কালত ‘ইলোৰা বিজ্ঞান মঞ্চ’ত নামৰ সংস্থাটোত নিজৰ দেহ দান কৰি থৈ গ’ল যশস্বী সংগীত শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ এই বৈজ্ঞানিক মানসিকতা, উদাৰতা তথা মহানতাৰ বাবে সকলোৱে শলাগ লৈছে শিল্পীগৰাকীৰ। 

কথাতেই কোৱা হয় – দেহ দান মহান দান। আমি আমাৰ মৃত্যুৰ পিছত আমাৰ শৰীৰৰ অংগ বা আমাৰ সম্পূৰ্ণ শৰীৰ দান কৰি থৈ যাব পাৰোঁ। যদি আমি জীৱিত কালতে আমাৰ শৰীৰৰ মৰোণোত্তৰ অংগ দান কৰি যাওঁ তেন্তে আমাৰ মৃত্যুৰ পিছতো আমাৰ শৰীৰৰ কেইবাটাও অংগ জীয়াই থাকিব। লগতে জীৱন ৰক্ষা পৰিব কেইবাজনো লোকৰ। আমি সাধাৰণ ঠাইত মৃত্যুবৰণ কৰিলে আমাৰ মৃত্যুৰ ছয় ঘন্টালৈকে আমাৰ চকুযুৰি আনৰ দেহত সংস্থাপন কৰিব পৰাকৈ সক্ৰিয় হৈ থাকে। আনহাতে বাকী সমূহ যেনে বৃক্ক, হৃদয়, যকৃৎ আদি কেইবাটাও অংগ আনৰ শৰীৰত সংস্থাপন কৰিবলৈ হ’লে আমি বিশেষ অত্যাধুনিক চিকিৎসালয়ত মৃত্যু হ’ব লাগিব। তেতিয়া চিকিৎসকে আমাৰ মগজুৰ মৃত্যুৰ পিছত এই অংগসমূহ উলিয়াই নি আনৰ শৰীৰত সংস্থাপন কৰিব পাৰিব।

আনহাতে আমি আমাৰ অংগদানৰ লগতে আমাৰ সম্পূৰ্ণ শৰীৰটো মৰণোত্তৰভাবে দান দি গ’লে আমাৰ শৰীৰটো চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ কামত আহিব। এই কাৰ্যই আধুনিক চিকিৎসা বিজ্ঞানক অধিক আগুৱাই নিয়াত সহায় কৰিব। ই হ’ব আমাৰ বিজ্ঞানমস্কতা আৰু মহানতাৰ পৰিচয়। ই হ’ব চিকিৎসা বিজ্ঞান আৰু মানৱ সমাজৰ প্ৰতি আমাৰ এক বৃহৎ উপহাৰ। 

মৃত্যুৰ পিছত আমি কেনেকৈ চিকিৎসা বিজ্ঞানলৈ শৰীৰ দান কৰিম?

আপোনাৰ শৰীৰটো চিকিৎসা বিজ্ঞানলৈ দান কৰিবলৈ হ’লে জীৱিত কালতে শৰীৰবিজ্ঞানৰ প্ৰতিষ্ঠান এটাক সন্মতি দিব লাগিব। তেওঁলোকে আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ অংগ বা মৃতদেহ চিকিৎসা বিজ্ঞানলৈ দান কৰাটো কামনা কৰা বুলি হাতে লিখা ঘোষণাপত্ৰ বিচাৰিব। আপুনি ঘোষণাপত্ৰত স্বাক্ষৰ আৰু তাৰিখো দিব লাগিব, তাৰ পিছত প্ৰতিষ্ঠানটোত সেই কাগজ সংৰক্ষণ কৰা হ’ব।

দান দিয়াৰ পিছত শৰীৰটোৰ কি হ’ব?

আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ মৃতদেহ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা গৱেষণাৰ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। মৃতদেহটো আত্মীয়ক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ঘূৰাই দিয়া নহ’ব। ইয়াক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা আৰু গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি কেনেকৈ আপোনাৰ অংগ বা দেহ দান কৰিব?

অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা। ২০০৪ চনৰ ১৫ মে’ তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য।

মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে’ তাৰিখে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

বিশিষ্ট ইতিহাসবিদ অমলেনণ্ডু গুহ, উপন্যাসিক তথা গল্পকাৰ পূৰৱী বৰমুদৈ, অভিনেত্ৰী মীৰা বিশ্বাস, প্ৰাক্তন বিধায়ক বিপিন হাজৰিকা, নিজামুদ্দিন খান, বিশিষ্ট সাহিত্যিক অনিমা গুহ,  বিশিষ্ট অসমীয়া সাহিত্যিক শুচিব্ৰতা ৰায়চৌধুৰী, সাহিত্যিক তোষপ্ৰভা কলিতা আদিয়ে গৱেষণাৰ বাবে মৰুণোত্তৰভাবে ইলোৰা বিজ্ঞান মঞ্চৰ দ্বাৰা নিজৰ দেহদান কৰিছে।

ইলোৰা বিজ্ঞান মঞ্চই অংগ আৰু শৰীৰ দাতালৈ সহায় আগবঢ়ায় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় , অসম চিকিৎসা মহাবিদ্যালয়, এইমছ গুৱাহাটী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ,ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিট্ত্সা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ লগত সমন্বয়ক হিচাপে কাম কৰে। এই মহাবিদ্যালয়সমূহত বৈজ্ঞানিক গৱেষণাৰ বাবে দান কৰা শৰীৰ ইলোৰা বিজ্ঞান মঞ্চয়ে পঠিওৱাৰ ব্যৱস্থা কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ সহায়ত আপুনি আপোনাৰ অংগ বা সম্পূৰ্ণ দেহ দান কৰিবলৈ হ’লে ইলোৰা বিজ্ঞান মঞ্চৰ গুৱাহাটীৰ হেদায়েৎপুৰত থকা কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও ইলোৰা বিজ্ঞান মঞ্চৰ ৱেবচাইট http://www.elloravigyan.in/ ত সন্ধান কৰিব পাৰে। লগতে ইলোৰা বিজ্ঞান মঞ্চৰ দুগৰাকী পৰিচালক ইছফাকুৰ ৰহমানৰ ৯৪৩৫০ ৪২১০২ আৰু কমলেশ গুপ্তাৰ ৯৪৩৫৫ ৫০২০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।